শীৰ্ষসভা-সমিতি

অখিল গগৈয়ে কাকো ভয় নকৰে

প্ৰথম খবৰ,ৰূপহীহাট: নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ ৰূপহীহাটৰ ফাকলি প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তদৰ্থ কমিটি গঠনাৰ্থে এখনি সভা অনুষ্ঠিত হয়। তদৰ্থ কমিটিৰ সভাপতি আশ্বিক ইকবাল চৌধুৰীয়ে সভাপতিত্ব কৰা সভাখনত কেইবাজনো যুৱ কৰ্মী উপস্থিত থাকে। জিলা পৰ্যায়ৰ কেইবাগৰাকী নেতা উপস্থিত থকা সভাখনত স্থানীয় যুৱক সকলকলৈ এখনি তদৰ্থ কমিটি গঠন কৰা হয়। সভাখনত উপস্থিত কেইবা গৰাকী বক্তাই নিজৰ ভাষণত কয় যে সম্প্ৰতি কেইবাটাও বিষয়ত কোনো এটা সংগঠনে ভালকৈ মাত মতা নাই কিন্ত অখিল গগৈয়ে কেতিয়াও ভয় নকৰে। জন স্বাৰ্থৰ বাবে তেওঁ অহৰহ মাত মাতি আহিছে। তেখেতৰ নেতৃত্বত আমি আমাৰ বিভিন্ন ধৰণৰ জনকল্যাণকামী আন্দোলন সমূহ ৰাজপথৰ পৰা সংসদলৈ লৈ যাব লাগিব। তাৰ বাবে প্ৰতি গৰাকীৰ কৰ্মীৰ সদিচ্ছা থকাটোৱে সংগঠনৰ মূল চালিকা শক্তি। ইফালে সভাত বিভিন্ন বক্তাই সংগঠনত যোগ দিয়া যুৱকসকলক নিষ্ঠা আৰু সততাৰে কাম কৰিবলৈ আহ্বান জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close