অসম

অভিনেত্ৰী মৃদুলা বৰুৱাৰ স্বামীৰ দেহাৱসান

নিউজ ডেস্ক,প্ৰথম খবৰ: অসমৰ জনপ্ৰিয় অভিনেত্ৰী মৃদুলা বৰুৱাৰ স্বামী তথা বিশিষ্ট চলচিত্ৰ নিৰ্মাতা তপোব্ৰত বৰুৱাৰ দেহাৱসান ঘটে। নতুন দিল্লীৰ মুলচান্দ হস্পাতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় তপোব্ৰত বৰুৱাৰ।

স্বাস্থ্যজনিত কাৰণত দিল্লীৰ অসম ভৱনত থাকোতে যোৱা বৃহস্পতিবাৰে ষ্ট্ৰ’ক হৈছিল বৰুৱাৰ। অসম ভৱনৰ পৰাই লৈ যোৱা হৈছিল গংগাৰাম হাস্পতাললৈ। শুকুৰবাৰে মূলচান্দ হাস্পাতাললৈ অনা হৈছিল তপোব্ৰত বৰুৱাক।

আজি পূৱা ৪ বজাত মূলচান্দ হাস্পাতালে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ ৰাষ্ট্ৰীয় সন্মান লাভ কৰা “বোৱাৰী” ছবিখনৰ প্ৰযোজক আছিল।

Related Articles

Leave a Reply

Close