Home / অসম / অসমক বিশেষ ৰাজ্য মৰ্যদা কৰ্তন

অসমক বিশেষ ৰাজ্য মৰ্যদা কৰ্তন

প্ৰথম খবৰ,ননৈ: অসমৰ বিশেষ ৰাজ্য কৰ্তন কৰাত এনএছইউআই ৰাজ্যিক সমন্বয়ক পল্লবজ্যোতি নাথে আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰথম খৱৰক জানিবলৈ দি কয় “পৰিৱৰ্তনৰ জোৱাৰত উটি অহা বিজেপি চৰকাৰ খনে জাতি-মাটি-ভেটিৰ নামত অসমীয়া ৰাইজক এক নতুন সপোনেৰে পোহৰ দেখাইছিল যদিও বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ কৰ্ম-কাণ্ডৰ পৰা এইয়া নিশ্চিত হৈ উঠিছে যে জাতি-মাটি-ভেটিৰ আৱেগ তেওঁলোকৰ কেৱল নিৰ্বাচনী ৰণ-কৌশলহে আছিল। প্ৰমাণ স্বৰূপে অসমৰ যি বিশেষৰাজ্যৰ মৰ্যাদা আছিল সেইয়া কৰ্তন কৰা হ’ল। ৰাজ্য চৰকাৰে অতদিনে কৈ অহা মিথ্যাচাৰ ফাদিল হ’ল কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ নীতিত।” আনহাতে অসম ৰাজ্যিক এনএছইউ আইৰ তৰফৰ পৰা বিশেষ মৰ্যদা কৰ্তনৰ এই ষড়যন্ত্ৰক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ছাত্ৰ সমাজৰ তৰফৰ পৰা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*