অসমগুৱাহাটীবিনোদন

অসমতো উদযাপন বিশ্ব পুতলা দিৱস

যামিনী অনুৰাগ, ২১মাৰ্চ, ২০১৮, আজি বিশ্ব পুতলা দিৱসৰ লগত সঙ্গতি ৰাখি গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰতো বিশ্ব পুতলা দিৱস উদযাপন কৰা হয়। ভাৰত চৰকাৰৰ সঙ্গীত নাটক একাডেমী আৰু শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সহযোগত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত অৱস্থিত সুৰজিত একাডেমীৰ উদ্যোগত সন্ধিয়া ৫-৩০ মিনিটৰ পৰা ভাষাতত্ববিদ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত ৰাৱণ বধ পুতলা নাটকখন মঞ্চস্থ কৰা হয়। সীমান্ত শৰ্মাৰ নাট্য ৰচনা আৰু বিনীতা দেৱীৰ মঞ্চ সজ্জা আৰু নিৰ্দেশনাৰে পুতলা নাটখনিৰ সঙ্গীতৰ নিৰ্দেশনা পাপু গোহাঁইৰ, পোহৰ পৰিচালনা চাৰুৰ তথা শব্দ সংযোজন আছিল মুকুল দাসৰ।

নাটখন মহাকাব্য ৰামায়ণৰ লঙ্কাকাণ্ডৰ আলমত ৰচিত তথা পুতলা নাচৰ উপযোগীকৈ লিখি উলিওৱা নাটখনৰ জৰিয়তে সমাজৰ বেয়া শক্তিসমুহৰ বিপৰীতে ভাল শক্তিৰ বিজয়ৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে। নাটখনিত সূত্ৰধৰৰ ভূমিকাত নিৰ্মালী দেৱী, ৰামৰ ভূমিকাত গণেশ দাস, লক্ষ্মণৰ ভূমিকাত হৃদয় জ্যোতি দাস, সীতাৰ ভূমিকাত বিনীতা দেৱী, ৰাৱণ আৰু হনুমানৰ ভূমিকাত স্বপণ দাস, সুগ্ৰীৱ, বিভীষণ আৰু জটায়ুৰ ভূমিকাত জিতেন বড়ো, অঙ্গদ আৰু সৈন্যৰ ভূমিকাত অনুপম বৰা, বেদৰাজৰ ভূমিকাত সীমান্ত শৰ্মা, তথা শূপৰ্ণখা আৰু ত্ৰিজেতাৰ ভূমিকাত হেমাশ্ৰী দাসে  সংলাপ প্ৰক্ষেপণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close