অসমগুৱাহাটীশীৰ্ষ

অসমৰ এটা বিশেষ সম্প্ৰদায় অপৰাধজনিত ঘটনাত জড়িত: হিমন্ত বিশ্ব শৰ্মা, মৈৰাবাৰীত তীব্ৰ প্ৰতিক্ৰিয়া

মৈৰাবাৰীৰপৰা তাৰিকুল ইছলাম, প্ৰথম খবৰ: অসম বিধান সভাত যোৱাকালি অসম চৰকাৰৰ বিত্ত মন্ত্ৰীগৰাকীয়ে শেষতীয়াকৈ অসমত সংগঠিত হৈ থকা ধৰ্ষণকে আদি কৰি বিভিন্নধৰনৰ অপৰাধজনিত ঘটনাত এটা বিশেষ সম্প্ৰদায়ৰ লোক জড়িত থকা বুলি অসম বিধানসভাৰ পবিত্ৰ সদনত মন্ত্ৰী হিমন্ত বিশ্বই মত প্ৰকাশ কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৈৰাবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি ৰাকিবুৰ ৰহমান আৰু সাধাৰণ সম্পাদক খালিদ আহমেদে।

সোমবাৰে ছাত্ৰ নেতা দুগৰাকীয়ে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অপৰাধীসকলৰ কোনো ধৰ্ম নাই। অপৰাধীসকলে অপৰাধ সংগঠিত কৰোতে ধৰ্মীয় দিশটো নাচায়।অপৰাধ কাৰ্যৰ লগত ধৰ্মীয় দিশক সামৰি লোৱাটো অনাগত দিনৰ গণতন্ত্ৰৰ বাবে এক অশুভ লক্ষণ। ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীত নিয়োজিত হৈ এনেধৰণৰ টুলুঙা মন্তব্য নকৰিবলৈ মন্ত্ৰীগৰাকীক আহ্বান জনায় ছাত্ৰ নেতা দুগৰাকীয়ে।

Related Articles

Leave a Reply

Close