অসম

অসমৰ জীয়ৰীৰ বহিঃৰাজ্যত অসমৰ সংস্কৃতি দাঙি ধৰাৰ মহৎ প্ৰচেষ্টা

প্ৰথম খবৰ, চেঙা: বাংগালুৰুৰ এখন বিদ্যালয়ত এগৰাকী অসম জীয়ৰীৰ মহৎ প্ৰচেষ্টাৰ ফলত বিদ্যালয়খনৰ ফাংচনত পৰিৱেশন কৰিলে অসমীয়া জাতিৰ স্বাভিমান বিহু নৃত্য। বাংগালুৰৰ চেইণ্ট থোমাছ হাই স্কুল নামৰ বিদ্যালয়খনত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত অসম জীয়ৰীগৰাকীৰ নেৰানেপেৰা প্ৰচেষ্টাত সেই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ ফাংচনত বিহু নৃত্য প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰাই নহয় অসমৰ বাপতি সাহোন বিহু সংস্কৃতিক পৰিচয় কৰাই দিয়ে। বৈবাহিক সূত্ৰে স্থায়ীভাৱে থাকিবলৈ লোৱা এইগৰাকী অসম জীয়ৰী হ’ল বৰপেটা জিলাৰ চেঙা গাঁৱৰ মৃগেন্দ্ৰ নাৰায়ণ বৰুৱাৰ একমাত্ৰ কন্যা পূৰৱী দত্ত বৰুৱা। অলপতে বিদ্যালয়খনৰ বছৰেকীয়া অনুষ্ঠান অনুষ্ঠিত হৈছিল। অনুষ্ঠানটোৰ সাংস্কৃতিক বিভাগৰ দায়িত্বত আছিল অসম জীয়ৰী পূৰৱী। তাৰেই সুযোগ গ্ৰহণ কৰি তেওঁ প্ৰধানতঃ তামিল আৰু কানাড়া ছাত্ৰ-ছাত্ৰীৰ এটি দলক দিয়ে বিহু নৃত্যৰ প্ৰশিক্ষণ। বহিঃৰাজ্যৰ এই ছাত্ৰ-ছাত্ৰীসকলে অসমীয়াৰ স্বাভিমান বিহুনৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ সমাদৰ পোৱাৰ লগতে পূৰৱীয়ে সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰে। ইয়াৰ উপৰিও তেওঁ অনুষ্ঠানটোত ফেচনৰ ক্ষেত্ৰত অসমীয়া সাজপাৰ সুন্দৰকৈ দাঙি ধৰে। এক টেলিফোনিক বাৰ্তালাপত এইগৰাকী অসম জীয়ৰীয়ে বহিঃৰাজ্যত বিহু নৃত্য পৰিবেশন কৰাৰ সুবিধা পোৱাত গৌৰৱ বোধ কৰা বুলি জানিবলৈ দি ভৱিষ্যতে অসমীয়া সভ্যতা আৰু সংস্কৃতি বিদ্যালয়খনৰ জৰিয়তেই প্ৰচাৰ কৰাৰ বাবে নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।বৰপেটাৰ গৌৰৱ পূৰৱীৰ এই প্ৰশংসনীয় পদক্ষেপক ভূ-ৰখা মহলে উচ্চ প্ৰশংসা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close