Home / অসম / অসম বন্ধৰ প্ৰভাৱ ফকিৰাগ্ৰামত সৰ্বাত্মক

অসম বন্ধৰ প্ৰভাৱ ফকিৰাগ্ৰামত সৰ্বাত্মক

ফকিৰাগ্ৰামৰপৰা কিশোৰ মীশ্ৰা, প্ৰথম খবৰঃ জনজাতি সংগঠন সমুহৰ সমন্বয়ৰক্ষী সমিতি, অসম চমুকৈ (চি.চি.টি.অ’.এ)ই আহ্বান জনোৱা ১২ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ফকিৰাগ্ৰামত সৰ্বাত্মক৷ ফকিৰাগ্ৰাম, দোতমা আদি অঞ্চলত দোকান-পোহাৰ, ব্যৱসায়ীক যান-বাহনৰ চলাচল সম্পূৰ্ণ বন্ধ আছে৷ জনজাতি সৰলৰ বাবে সংৰক্ষিত ১২,১৫৫ শীঘ্ৰে নিযুক্তি প্ৰদান কৰা, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৫৩৫খন গাঁৱৰ কাৰ্বী, মিছিং, ৰাভা, বড়ো, আদিবাসী লোকসকলক আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ প্ৰদান কৰা, বান বিধস্ত জনজাতি কৃষকসকলক সংস্থাপন দিয়া আদি কেইবাটাও দাবীৰ সমৰ্থনত চি.চি.টি.অ’.এ ই অসম বন্ধৰ আহ্বান দিছিল৷ বন্ধৰ সময়ছোৱাত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

*