Home / অসম / অৱশেষত ‘ভয়চ ইণ্ডিয়া কিডচ’ৰ চুড়ান্ত বিজয়ী মানসী আহি উপস্থিত হ’ল অসমত

অৱশেষত ‘ভয়চ ইণ্ডিয়া কিডচ’ৰ চুড়ান্ত বিজয়ী মানসী আহি উপস্থিত হ’ল অসমত

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ:
মুম্বাইত অনুষ্ঠিত হোৱা এণ্ড টি ভি ৰ ‘ভয়চ ইণ্ডিয়া কিডচ’ সংগীতৰ মহাৰণত চুড়ান্ত বিজয়ী হোৱা দৰং জিলাৰ উদমাৰীৰ মানসী চহৰীয়াক ৰাজকীয় আদৰণি জনাই আদৰি আনিলে গৃহভূমি উদমাৰী, মাতৃভূমি বালিপোতা ৰাইজৰ লগতে সমগ্ৰ দৰংবাসীয়ে। পুৱা ৮ বজাত মুম্বাইৰ পৰা বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱা মানসী চহৰীয়াক বিমান বন্দৰতে উষ্ম আদৰণি জনোৱাৰ লগে লগে কেইবাখনো বাহনেৰে আদৰি অানে গৃহভূমিলৈ। বিমান বন্দৰৰ পৰা গৃহভূমিলৈ আহি থকা অৱস্থাতে দুমনী চকী, বেজেৰা, নাৰিকলী, ছিপাঝাৰ, বৰদৌলগুৰি, আউলাচৌকাত ৰাইজে শিল্পী গৰাকীক আদৰণি জনাই। মঙ্গলদৈ মিডিয়া চাৰ্কোলৰ উদ্যোগত নাৰিকলিৰ পৰা এখন খোলা জীপত উঠাই পুলিচ প্ৰশাসনৰ চিকউৰিটী সহ মঙ্গলদৈ জিলা পুথিভঁৰাললৈ লৈ আনে শিল্পী মানসীক। জিলা পুথিভঁৰালত মিডিয়া চাৰ্কোলৰ উদ্যোগত আদৰণি জনাই শিল্পী মানসীক।আদৰণি অনুষ্ঠানত মিডিয়া চাৰ্কোলৰ লগতে দৰংজিলা সাহিত্য সভা, সদৌ দৰংজিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মঙ্গলদৈ প্ৰেছ ক্লাৱ, আমচু, ভাৰতীয় জনতা পাৰ্টিৰ দৰংজিলা সমিতি, অসম গণ পৰিষদৰ দৰং জিলা সমিতি, দৰং জিলা নাগৰিক সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, দৰংজিলা প্ৰশাসন, দৰংজিলা কংগ্ৰেছ কমিটী, পৌৰপতি প্ৰতাপ বৰদলৈ, এচ আৰ ডি গ্ৰুপ দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বহু কেইগৰাকী ব্যক্তিয়ে জাপি, গামোছা, শৰাই, ফুলৰথোপা, সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাই। তাৰ পিছতে মঙ্গলদৈ টাউনৰ মাজেৰে উদমাৰীৰ নিজ বাসগৃহলৈ আদৰি লৈ যোৱা হয় মানসী চহৰীয়াক। মঙ্গলদৈৰ গৃহভূমি উদমাৰীলৈ লৈ যোৱা সময়তো চপাই, গৰুবন্ধা, মানসীয়ে শিক্ষাগ্রহণ কৰা কলাইগাঁৱৰ প্ৰাইড একাডেমিৰ শিক্ষাগুৰু ছাত্ৰ-ছাত্ৰী সকলে আদৰণি জনাই মৰমৰ শিল্পী গৰাকীক। প্ৰাইড একাডেমিৰ পৰা কলাইগাঁৱ হৈ জন্মস্থান উদমাৰীলৈ লৈ আহি উদমাৰী দুৰ্গা পূজা মন্দিৰ প্ৰাংগনত ৰাজহুৱাভাৱে বিভিন্ন দল সংগঠনৰ লগতে বহুকেইগৰাকী ব্যক্তিয়ে সম্বৰ্ধনা জনায়। উদমাৰীৰ পৰা মাতুল ভূমি বালিপোতালৈ লৈ গৈ শিল্পী গৰাকীক বালিপোতা বনিক সন্থা, বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়, ভূপেন হাজৰিকা জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, বালিপোতা আলোক সংঘৰ লগতে কেইবাটাও অনুষ্ঠান প্রতিষ্ঠানে উষ্ম আদৰণি জনাই। দৰিদ্র পৰিয়ালৰ সন্তান মানসীৰ এই জয় যাত্ৰাত বাদ্যযন্ত্রী অনুপম চহৰীয়া আৰু কন্ঠশিল্পী জিতুমণিৰ লগতে মাতুল ককা ডাঃ সাধিৰাম চহৰীয়াৰ লগতে দৰংজিলা তথা অসমবাসীৰ ভূমিকা আৰু আশীর্বাদ সচাঁকৈ প্ৰশংসনীয়। মানসীৰ এই জয় যাত্ৰাত দৰং তথা অসমবাসীয়ে যিমান খিনি সহায় সহযোগ আগবঢ়ৱালে তাৰ বাবে সকলোকে মানসীয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে সংগীতৰ এই মহাৰণত যি জয় যাত্ৰাৰে বিজয়ী মুকুট শিৰত পিন্ধিবলৈ সক্ষম হ’ল তাৰ বাবে বিশেষভাৱে এণ্ড টি ভি কৰ্তৃপক্ষৰ লগতে শিল্পী পলক মুছলকো মানসীৰ লগতে পিতৃ মাতৃ আৰু দৰংবাসীয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*