সভা-সমিতি

আটাছু ডিমৌ আঞ্চলিকৰ উদ্যোগত মুকলি বিহু উদযাপন সমিতি গঠন

ডিমৌৰপৰা গৌতম হীৰা, প্ৰথম খবৰ: চেনেহৰ ৰঙালী বিহুলৈ মাজত মাঁথো এটি মাহ। সেয়ে দেওবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থা(আটাছু)ৰ ডিমৌ আঞ্চলিক সমিতিৰ উদ্যোগত অহা পহিলা বহাগৰ দিনটোত প্ৰাক্তন আটাছু সতীৰ্থৰ সহযোগত মুকলি বিহু উদযাপনৰ সন্দৰ্ভত এখন সভা সম্পন্ন হয়। ডিমৌ টাউন এল পি স্কুল প্ৰাঙ্গনত অনুষ্ঠিত হোৱা সভাখনত আটাছুৰ প্ৰাক্তন নেতা বিৰাজ বৰগোঁহাই, মনোৰঞ্জন কোঁৱৰ, ঋতুৰাজ শেনচোৱা, শৰৎ কোঁৱৰ আদি বহুকেইজন প্ৰাক্তন আটাছুৰ সদস্য উপস্থিত থাকি আগন্তুক মুকলি বিহুৰ উদযাপনৰ সন্দৰ্ভত বক্তব্য ৰাখে। সভাই বিৰাজ বৰগোঁহাইক সভাপতি, ঋতুৰাজ শেনচোৱাক কাৰ্য্যকৰী সভাপতি, নিপন বৰুৱা আৰু সন্দীপ গগৈক যুটীয়া সম্পাদক আৰু জয়ন্ত গগৈ, অভিজিৎ লাহন, মনোৰঞ্জন চেতিয়া আৰু সুমিত কুমাৰ সন্দিকৈক সহকাৰী সম্পাদক হিচাপে লৈ ১০০ জনীয়া এখন শক্তিশালী উদযাপন সমিতি গঠন কৰে। তদুপৰি অহা পহিলা বহাগৰ দিনাই ডিমৌ ৰাজহুৱা খেলপথাৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মুকলি বিহু অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close