অসম

আধুনিকতাৰ গ্ৰাসত পৰি হেৰাই যাবলৈ ধৰা ঢেঁকীক আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰি পনৰুদ্ধাৰৰ চেষ্টা উজনিৰ এজন ব্যক্তিৰ

মাহমৰাৰপৰা দীপক গগৈ, প্ৰথম খবৰ: অসমীয়া জাতীয় জীৱনৰ অতিশয় আদৰৰ একালৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য সম্পদ ঢেঁকী। সকলোৰে পৰিচিত এই ঢেঁকীটো আমাৰ সমাজ জীৱনৰ পৰা ক্ৰমে হেৰাই যোৱাৰ উপক্ৰম হৈছে। তেনে সময়ত এই সম্পটি আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰি পুনৰ উদ্ধাৰ প্ৰায়স কৰিছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এজন ব্যক্তিয়ে।

ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। গ্ৰামাঞ্চল সমূহত এতিয়া হেঁপাহৰ বিহুটোক আদৰিবলৈ সীমাহীন ব্যস্ততা। কেইদশকমান আগলৈকে ঢেঁকীক বাদ দি অসমীয়াৰ বাপতিসাহোন বিহু কেইটাৰ কথা ভাবিবলৈ নোৱাৰিছিল। কাৰণ বিহুৰ কেইদিনমান পূৰ্বৰ পৰা গাঁৱৰ জীয়ৰী-বোৱাৰী সকলোৱে মিলি ঘৰে ঘৰে চিৰা, পিঠা, সান্দহ খুন্দি আনন্দ স্ফুৰ্তি কৰাৰ মাদকতাই সুকীয়া আছিল। কিন্তু আধুনিকতাৰ গ্ৰাসত পৰি ঢেঁকীৰ শব্দ গ্ৰামাঞ্চলৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে। এনে এক সন্ধিক্ষণত ঢেঁকী পুনৰুদ্ধাৰ কৰাৰ প্ৰয়াস কৰিছে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত ৰাজগড়ৰ সমীপৰ লেৰেলা পথাৰ গাঁৱৰ নিবাসী জিতেন কাকতিয়ে ব্যক্তিজনে আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা ঢেঁকী ইতিমধ্যে ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে। ব্যক্তিজনে নিৰ্মাণ কৰা ঢেঁকী পাতিবলৈ গাডীশালী বাবে কোনো গাঁত খন্দাৰ প্ৰয়োজন নাই। যিকোনো ঠাইতে নিজৰ ইচ্ছামতে এই ঢেঁকী বহুৱাই প্ৰয়োজনীয় কাম সামাধা কৰি পুনৰ অন্য ঠাইত থৈ দিব পাৰি সম্পূৰ্ণ শিলিখা কাঠেৰে নিৰ্মাণ এই ঢেঁকী পাতিবলৈ যথেষ্ট কম ঠাইৰ প্ৰয়োজন।

ব্যক্তিজনে জানিব দিয়ামতে আধুনিক ঢেঁকীৰে ২০ মিনিটতে ২ কে:জি চাউল খুন্দিব পাৰি। ব্যক্তিজনে তিনিবছৰৰ পূৰ্বে এই আধুনিক ঢেঁকী উদ্ভাৱন কৰিছিল। কিন্তু ২০১৫ বৰ্ষৰ এপ্ৰিল মাহৰ পৰাহে কাৰ্যত ৰূপায়ন কৰি মুকলি ভাবে ৰাইজৰ মাজত উলিয়াই দি এই পৰ্যন্ত ৪০০ টাকৈ অধিক ঢেঁকী বিক্ৰী কৰিছে বুলি জনাই। ২০১৫ চনতে এই আধুনিক ঢেঁকীক জে কে উদ্যোগ নামেৰে চৰকাৰী পঞ্জীয়ন কৰাই প্ৰতিটো ঢেঁকী ৫৫০০ টকাকৈ বিক্ৰী কৰি আহিছে ব্যক্তিজনে প্ৰায় পাঁচ ফুট দৈৰ্ঘ্যৰ এই ঢেঁকীটো এতিয়া উজনিৰ বহু মহিলাৰ আৰু বহু পৰিয়ালৰ বাবে অতিকৈ মৰমৰ হৈ পৰিছে।

আধুনিক বিজ্ঞান আৰু যান্ত্ৰিক যুগৰ প্ৰভাবে ক্ৰমান্বয়ে অপৰিহাৰ্য ঢেঁকী এতিয়া অনাদৃত অবহেলিত হোৱাৰ সময়তে ঢেঁকীক আধুনিক ৰূপ দি জনপ্ৰিয় কৰি পুনৰুদ্ধাৰ কৰাৰ প্ৰয়াস নিশ্চয়কৈ আদৰণীয়।

Related Articles

Leave a Reply

Close