সভা-সমিতি

আধ্যাত্মিক গুণানুকীৰ্তনেৰে মুখৰ দক্ষিণ জাজৰী বগৰিগুড়ি একশৰণ ভাগৱতী সমাজ বৰনামঘৰ প্ৰাঙ্গন

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত,প্ৰথম খবৰ:হৰিনামৰ মঙ্গলময় ধ্বনিৰে জাজৰী বগৰিগুড়ি একশৰণ ভাগৱতী সমাজ বৰনামঘৰত শুকুৰবাৰে পুৱাৰে পৰা আৰম্ভ হয় মহা পালনাম যজ্ঞৰ। মনেশ্বৰ কৈৱৰ্ত্ত বুঢ়া আতাৰ দ্বাৰা পুৱা পতাকা উত্তোলনৰ পাছত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ আঁত ধৰে অনন্ত বৰদলৈয়ে। দিনজোৰা ভিন্ন কাৰ্যসূচীৰ অন্তত কিছু পলমকৈ হ’লেও সন্ধ্যা ৬ বজাৰ পৰা গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আয়োজিত হয় এখনি ধৰ্মালোচনী সভাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত এটি বৰগীতেৰে আৰম্ভ হোৱা সভাখনিত সভাপতিত্ব কৰে একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য (অসম) অনুৰাম দাস বাপ আতাই। আজিৰ এই সভাতেই উপদেষ্টা ধনী দাস আতাই উন্মোচন কৰে “দুজনাগুৰুৰ আশীষ” শীৰ্ষক এখনি মুখপত্ৰৰ। উল্লেখ্য যে আজিৰ ধৰ্মালোচনী সভাৰ মুখ্য অতিথি ৰূপে উপস্থিত থাকি কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা “সোণালী বৰা হাজৰিকাই’ শংকৰী কলা কৃষ্টি তথা আদর্শৰ ওপৰত আলোকপাত কৰি সাৰুৱা ভাষনেৰে ৰাইজক আপ্লুত কৰে। তেওঁ লগতে কয় যে “আমাৰ বৃহত্তৰ অসমীয়া জাতি এতিয়া সংকটত। গতিকে এই সংকটৰ সময়ত আমি আমাৰ মাজত বিভাজন ত্যাগ কৰি একাত্মবোধেৰে আগুৱাই যাব লাগিব”।লগতে সভাৰ সভাপতি অনুৰাম দাসে ভাষণ প্ৰসংগত প্ৰকাশ কৰে যে “এই সময় আমাৰ গুৰুজনাৰ আদৰ্শৰে আগুৱাই ভক্তি তথা ধৰ্মৰ মাজেৰে নিজৰ দায়িত্ব পালন কৰি সমাজৰ স্থিৰতা ঘূৰাই অনা”।

এই সভাৰ প্ৰকমুহূৰ্তত মাথোঁ ধৰ্মগ্ৰন্থ সম্বলিত “দুজনাগুৰু”নামৰ এটি পুথিভঁৰালো উন্মোচিত হয়। আয়োজক সমিতিৰ লগত হোৱা এক সুকীয়া বাৰ্তালাপত সমিতিৰ স্থায়ী উপদেষ্টা নয়নন্দ্বীপ হাজৰিকাই জানিব দিয়ে যে,বৰ্তমানৰ লুপ্তপ্ৰায় শংকৰী সৃষ্টিৰাজিক সংৰক্ষণ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে এই সমূহ অমূল্য সম্পদ আগবঢ়াই দিয়াত এই পুথিভঁৰালটিয়ে নিশ্চয়কৈ সহায় কৰিব।দক্ষিণ জাজৰী বগৰিগুড়িৰ এই অনুস্থান সফল ৰূপায়ন কৰাত বিগত প্রায় দুটা মাহৰ পৰা দেহে কেহে খাটি কাম কৰা সমূহ যুৱক যুৱতী তথা বয়োজ্যেষ্ঠ লোকক শ্ৰদ্ধা জনায় তেওঁ লগতে কয় যে পুথিভঁৰালটি ৰাইজৰ সম্পদ। গতিকে সমূহ ৰাইজৰ গাঁঠিৰ ধন ভাঙি প্ৰতিষ্ঠা কৰা এই পুথিভঁৰালটিৰ সকলোৱে উচিত ব্যৱহাৰ কৰি নিজৰ লগতে জাতিৰ কল্যাণত বৰ্তি হলে তেওঁলোকৰ এই মহান প্ৰচেষ্টা সফল হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close