শেহতীয়া
Home / বিনোদন / আমগুৰিত বলিয়া দ্ৰৌপদীৰ চিঞৰ

আমগুৰিত বলিয়া দ্ৰৌপদীৰ চিঞৰ

নামতিপৰা ৰূপম বৰবৰা, প্ৰথম খবৰঃ বলিয়া দ্ৰৌপদীৰ চিঞৰ আৰু বলিয়ালি চাবলৈ আমগুৰিৰ চামগুৰিত ভিৰ কৰিছে হাজাৰ হাজাৰ জনতাই। দ্ৰৌপদীৰ চিঞৰ আৰু হাঁহি-কান্দোনত স্তব্ধ হৈ উঠিছে জনতাৰ কণ্ঠ।

এইয়া কিন্তু মহাভাৰতৰ দ্ৰৌপদী নহয়। সাম্প্ৰতিক সময়ৰ দ্ৰৌপদী এইয়া বিশিষ্ট অভিনেত্ৰী মুনমী ফুকনহে।

উল্লেখ্য যে, আমগুৰিৰ চামগুৰি হাইস্কুল খেলপথাৰলৈ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ হেঙুল থিয়েটাৰৰ নাটক বলিয়া দ্ৰৌপদী চাবলৈ হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰিছে। এখন ৰোমাঞ্চকৰ নাটক বলিয়া দ্ৰৌপদীত অভিনেত্ৰী মুনমী ফুকনে দ্ৰৌপদী চৰিত্ৰটোত অতি সুন্দৰভাৱে অভিনয় কৰিছে।

বিশিষ্ট নাট্যকাৰ ৰাজদ্বীপে পৰিচালনা কৰা বলিয়া দ্ৰৌপদীত অভিনেত্ৰী মুনমী ফুকন, মৈত্ৰেয়ী ফুকন, বিপ্লৱ শইকীয়া, সঞ্জীৱ শৰ্মাৰ বলিষ্ঠ অভিনয়ে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*