শীৰ্ষৰাষ্ট্ৰীয়

ইৰাকত আইছিছে হত্যা কৰিলে ৩৯ ভাৰতীয় পণবন্দীক: সুষমা

নেচনেল ডেস্ক, প্ৰথম খবৰ: ইৰাকত আইছিছ সন্ত্ৰাসবাদীয়ে হত্যা কৰিছে ৩৯গৰাকী ভাৰতীয় পণবন্দীক। আজি ৰাজ্য সভাত বিদেশ মন্ত্ৰী সুষমা স্বৰাজে এই কথা স্পষ্ট কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীজনে প্ৰকাশ কৰা অনুসৰি ‘ডিপ পেনিট্ৰেছন ৰাডাৰ’ত নিশ্চিত হৈছে যে ইৰাকৰ মছুলত আটাইকেইগৰাকী ভাৰতীয়ক হত্যা কৰা হৈছে।

ইফালে এই ঘোষণাৰ পিছতে সৰৱ হৈ পৰিছে কংগ্ৰেছ। জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে সাংবাদিকৰ আগত ক্ষোভ ব্যক্ত কৰি কয় যে এই ঘটনা দুৰ্ভাগ্যজনক। চৰকাৰে এই কথা কিয় গাপ দি ৰাখিছিল বুলি প্ৰশ্ন কৰি থাৰুৰে কয় যে, এই দুৰ্ভাগ্যজনক ঘটনাটো কেতিয়া আৰু কেনেকৈ হৈছিল সেই সম্পৰ্কে পূৰ্বেই চৰকাৰে স্পষ্ট কৰিব লাগিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close