উত্তৰ পূবশীৰ্ষ

উত্তৰ পূৰ্বাঞ্চলত অপ্ৰতিৰোধ্য বিজেপি

নিউজ ডেস্ক,প্ৰথম খবৰ:উত্তৰ পূৰ্বাঞ্চলত অপ্ৰতিৰোধ্য এক শক্তি হিচাপে পৰিগণিত হৈ উঠিছে ভাৰতীয় জনতা পাৰ্টি৷ আজি ঘোষিত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্য মেঘালয়,ত্ৰিপুৰা আৰু নাগালেণ্ডৰ ফলাফলে পুনৰবাৰ প্ৰমাণ কৰিলে এই কথা৷ এই ক্ষেত্ৰত মূল কাণ্ডাৰী হিচাপে নাম লব পাৰি বিজেপি নেতা ৰাম মাধবৰ৷ ৰণনীতি তৈয়াৰ কৰাত সিদ্ধহস্ত ৰাম মাধবে উত্তৰ পূৰ্বাঞ্চলক গেৰুৱাময় কৰাৰ বাবে এক সমুহীয়া মঞ্চ NEDAৰ আহ্বায়ক হিচাপে দায়িত্ব দিছিল ৰাজ্যৰ অতি বিচক্ষণ ৰাজনীতিক ডঃ হিমন্ত বিশ্ব শৰ্মাক৷ এই দুজন ব্যক্তিৰ ৰণনীতিৰ বাবেই উত্তৰ পূৰ্বাঞ্চলত অপ্ৰতিৰোধ্য হৈ পৰিল বিজেপি৷ এই ক্ষেত্ৰত আন এটা নাম উল্লেখ কৰিব পাৰি৷ সেয়া হ’ল বিজেপি অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা৷ এজন সুসংগঠক আৰু এজন শক্তিশালী নেতা হিচাপে কৰ্মীসকলৰ মাজত জনপ্ৰিয় ফণীন্দ্ৰ নাথ শৰ্মাক অতিৰিক্তভাৱে ত্ৰিপুৰাৰ দায়িত্ব দিয়াৰ পিছতেই ত্ৰিপুৰাত সংগঠন শক্তিশালী হৈ পৰিল আৰু আজি পঁচিশ বছৰৰ পিছত বামপন্থী চৰকাৰৰ পতন ঘটাই এক ঐতিহাসিক বিজয় সম্ভৱ হ’ল৷ উত্তৰ পূৰ্বাঞ্চলত বিজেপি অপ্ৰতিৰোধ্য হৈ পৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে এইসকল ৰাজনৈতিক হিৰোৰ নাম উল্লেখ কৰিব পাৰি৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close