অসম

এজাক বৰষুণতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একাঠু পানী

প্ৰথম খবৰ,খুমটাই: গোলাঘাট জিলাৰ মাজেৰে নিৰ্মাণ কাৰ্য্য চলি থকা চাৰিলেণ্ডযুক্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত আজি এজাক বৰষুণতে বনগাঁৱত একাঠু পানীৰে পূৰ্ণ হৈ যাতায়াত ব্যবস্থা ব্যাহত হৈ পৰে। কেইবাটাও গুৰুত্বপূৰ্ণ দুৰ্ঘটনা সংঘটিত হৈ অহা ঠাই ডোখৰত সীমিত বৰষুণতেই পানীৰে উপচি পৰে। স্থানীয় সচেতন লোকে জানিবলৈ দিয়া মতে চাৰিলেণ্ডযুক্ত নিৰ্মাণ সংস্থা এচিচিয়ে বিজ্ঞান সন্মতভাৱে পথটো নিৰ্মাণ নকৰাৰ বাবেই এনেদৰে পথৰ ওপৰত পানী জমা হৈ সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এনেদৰে বৰষুণ দি থাকিলে পথটোত অধিক দুৰ্ঘটনা হোৱাৰ আশংকা আছে।

Related Articles

Leave a Reply

Close