অসমশীৰ্ষ

এনআৰচিৰ আতংকত পুনৰ আত্মহত্যা

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আতংকত পুনৰ ৰাজ্যত সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান শিলচৰ। বিজিত সেন নামৰ এজন ব্যক্তিয়ে শিলচৰ চেংকুড়ি ৰোডত থকা ঘৰতেই ডিঙিত চিপ লগাই আত্মহত্যা কৰে৷

উল্লেখ্য যে কিছুদিন পূৰ্বে লোকজনৰ নিজৰ আৰু তেওঁৰ পত্নীৰ নামত এনআৰচি কৰ্তৃপক্ষৰপৰা জাননী আহিছিল। এই জাননী লাভ কৰাৰ পিছতে আতংকিত হৈ পৰে বিজিত সেন নামৰ ব্যক্তিজন আৰু আত্মহত্যাৰ দৰে পথ বাচি লয়।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃ়তদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে অনুৰূপ কাৰণত কাছাৰত আন দুজন লোকে আত্মহত্যা কৰিছিল৷

Related Articles

Leave a Reply

Close