অসমবৰপেটা

এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ চেঙাত বিভিন্ন এন আৰ চি সহায়ক কেন্দ্ৰ আজি পৰিদৰ্শন কৰে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ আৰু আৰক্ষী অধীক্ষক ভায়লেট বৰুৱাই। এন আৰ চি সহায়ক কেন্দ্ৰ পৰিদৰ্শন কালত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সংগ দিয়ে চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাসে।

বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ পোৱাৰ পিছত পৰৱৰ্তী খচৰা প্ৰকাশৰ প্ৰস্তুতি তুংগত উঠিছে। আজিৰ পৰা এন আৰ চিৰ বংশবৃক্ষ পুনৰীক্ষণৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ হোৱাত বৰপেটা জিলা প্ৰশাসন অধিক তৎপৰ হোৱা দেখা গৈছে। বৰপেটা জিলাত এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ দ্বিতীয় পৰ্যায়ৰ কাম ১০৮টা কেন্দ্ৰত চলিছে বুলি জানিব পৰা গৈছে। আনহাতে এন আৰ চিত যিসকলৰ নাম দ্বিতীয় খচৰাত প্ৰকাশ নাপায় তেওঁলোক শংকিত নহৈ পুনৰ আবেদন জনাব পাৰিব বুলি কৈ ৰাইজক সহযোগিতা কৰিবলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়।

আইন শৃংখলা সন্দৰ্ভত সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি বৰপেটা জিলা আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই জানিবলৈ দিয়ে। বৰ্তমান বৰপেটা জিলাত শান্তিপূৰ্ণভাৱে এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ কাম চলি আছে বুলিও জনায় আৰক্ষী অধীক্ষক গৰাকীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close