শেহতীয়া
Home / সাহিত্য / নিবন্ধ / এপ্ৰিল ফুল দিৱস

এপ্ৰিল ফুল দিৱস

সৌৰভ জ্যোতি গোস্বামী: 

এটি বিশেষ মাহ, এপ্ৰিল। এই মাহতেই পালন কৰা হয় অসমৰ বাপতিসাহোন বিহু উৎসৱ তথা এপ্ৰিল ফুল দিৱস। এই এপ্ৰিল ফুল দিৱস বহু দেশত এক এপ্ৰিলৰ দিনা পালন কৰা হয়। পিছে সকলো মূৰ্খৰ দিন(All Fools’ Day) বুলিও অভিহিত কৰা এই দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন নহয়। এই দিনটোত মানুহবোৰে উৰাবাতৰি প্ৰচাৰ কৰি আৰু নিৰ্দোষ ধেমালিৰে ইজনে সিজনক মূৰ্খ সজাৰ প্ৰয়াস কৰে। নতুন মেট্ৰ’ ব্যৱস্থাক লৈ ২০০১ চনত ডেনমাৰ্কৰ ক’পেনহেগেনত এটা ‘এপ্ৰিল ফুল’ৰ উৰাবাতৰি প্ৰচাৰ হৈছিল।

ইটালী, ফ্ৰান্স আৰু বেলজিয়ামত শিশু আৰু বয়স্কসকলে পৰম্পৰাগতভাৱে ইজনে সিজনৰ পিঠিত কাগজৰ ফুল লগাই দিয়ে আৰু স্থানীয় ভাষাত ‘এপ্ৰিল মাছ’ বুলি চিঞৰে। উনৈশ শতিকাৰ শেষৰফালৰ আৰু বিশ শতিকাৰ প্ৰথমভাগৰ বহু ফ্ৰেঞ্চ এপ্ৰিল ফুল দিৱস প’ষ্টকাৰ্ডত ছপা হৈছিল।

এক এপ্ৰিল আৰু মূৰ্খতাক সংযোগ কৰা প্ৰথম উদাহৰণ পোৱা যায় জিয়’ফ্ৰী চ’চাৰৰ কেণ্টাৰবাৰী টে’ল্‌ছত (১৯৩২)। বহু লেখকে বিশ্বাস কৰে যে পোপ গ্ৰেগৰী XIIIঅৰ দ্বাৰা ষোল্লশ শতিকাত এক জানুৱাৰীক গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে নৱবৰ্ষৰ দিনৰূপে প্ৰতিষ্ঠা কৰা হোৱা বাবেই এই উৎসৱটোৰ সৃষ্টি হ’ল।

এপ্ৰিল ফুল দিৱসৰ কিছুমান পুৰণি ৰূপ হৈছে ২৫ মাৰ্চত পালন কৰা ৰোমান উৎসৱ “হিলাৰিয়া” আৰু ২৮ ডিচেম্বৰত পালন কৰা মধ্যযুগীয় ‘মূৰ্খৰ ভোজ’। ইয়াৰ পিছৰ দিনটো এতিয়াও স্পেনিছ ভাষা কোৱা দেশবোৰত বৰ ধুমধামেৰে পালন কৰা হয়। চ’চাৰৰ “কেণ্টাৰবাৰী টে’ল্‌ছ”ত (১৯৩২) “Nun’s Priest’s Tale” নামৰ সাধুটোৰ কাল Syn March bigan thritty dayes and two বুলি কোৱা হৈছে।

আধুনিক পণ্ডিতসকলে বিশ্বাস কৰে যে, পাণ্ডুলিপিটোৰপৰা নকল কৰোঁতে কিছু ত্ৰুটি হৈছিল আৰু প্ৰকৃততে চ’চাৰে Syn March was gon বুলিহে লিখিছিল। গতিকে মূল সাধুটোত এপ্ৰিলৰ পিছত ৩২ সংখ্যক দিন অৰ্থাৎ ২ মে’ বুজোৱা হৈছিল। ১৩৮১ চনৰ এই দিনটোতে ইংলেণ্ডৰ ৰজা ৰিচাৰ্ড দ্বিতীয় আৰু ব’হেমিয়াৰ এন্নীৰ বিবাহ সম্পন্ন হৈছিল। পঢ়ুৱৈয়ে শাৰীটো পঢ়ি ভুলতে দিনটো ‘৩২ মাৰ্চ’ অৰ্থাৎ এক এপ্ৰিল বুলি ধৰি ল’লে। ১৫০৮ চনত ফ্ৰেঞ্চ কবি ইলয় ডি’আমেৰ্ভালে poisson d’avril (এপ্ৰিল ফুল অথবা চিধাচিধি “এপ্ৰিল মাছ”)ৰ কথা লিখিছিল যাক এই দিৱসটোৰ সম্ভৱপৰ উল্লেখ বুলি ভবা হয়। ১৫৩৯ চনত ফ্লেমিছ কবি এডুৱাৰ্ড ডি ডিনে এজন ব্যক্তিৰ কথা লিখিছিল যি নিজৰ লগুৱাবোৰক এক এপ্ৰিলৰদিনা আচহুৱা কাম কিছুমানত পঠিয়াইছিল। ১৬৮৬ চনত ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে জন অ’ব্ৰেই এই দিৱসটোৰ কথা “Fooles holy day” বুলি উল্লেখ কৰে। ১৬৯৮ চনৰ এক এপ্ৰিলত বহু মানুহক লণ্ডন টাৱাৰলৈ “সিংহক গা ধুওৱা চাবলৈ” আমন্ত্ৰণ কৰি আনি ঠগোৱা হৈছিল।

মধ্যযুগত ওঠৰশ শতিকাৰ শেষ ভাগলৈকে বহু ইউৰোপীয়ান নগৰত ২৫ মাৰ্চত নৱবৰ্ষৰ দিনৰূপে পালন কৰা হৈছিল। ফ্ৰান্সৰ কোনো কোনো অঞ্চলত নতুন বছৰৰ উৎসৱ এক এপ্ৰিলত শেষ হোৱাকৈ সপ্তাহজুৰি পালন কৰা হৈছিল। বহু লেখকে কয় যে, এক জানুৱাৰীত নৱবৰ্ষৰ দিন পালন কৰাসকলে আন দিনত পালন কৰাসকলক উপলুঙা কৰা বাবে এপ্ৰিল ফুলৰ উৎপত্তি হ’ল। ষোল্লশ শতিকাৰ মাজভাগত ফ্ৰান্সত এক জানুৱাৰীৰ দিনটো বহুলভাৱে নতুন বছৰ হিচাপে পালন কৰা হৈছিল আৰু ১৫৬৪ চনত এডিক্ট অৱ ৰ’জিলনৰদ্বাৰা ইয়াক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছিল। ১৯৫০ চনত লোককথাৰ গৱেষক ল’না আৰু পিটাৰ অ’পীয়ে আৱিষ্কাৰ কৰে যে, সংযুক্ত ৰাজ্য আৰু ইয়াৰপৰা সাংস্কৃতিক পৰম্পৰা উৎপত্তি হোৱা দেশবোৰত দিনৰ মাজভাগলৈকেহে ধেমালি কৰা হৈছিল কিন্তু এই প্ৰথাটো পিছলৈ নোহোৱা হৈ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*