অসমবৰপেটা

ঐতিহাসিক গৌৰীনাথ মন্দিৰলৈ অহা পৰ্যটকৰ বাবে আটকধুনীয়া অতিথিশালা

বটদ্ৰৱাৰপৰা মানস জ্যোতি মহন্ত,প্ৰথম খবৰ: নগাঁও জিলাৰ চকলাঘাট সোণাইপাৰস্থিত ঐতিহাসিক গৌৰীনাথ মন্দিৰলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা দৰ্শনাৰ্থী, পৰ্যটকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এক আটকধুনীয়া অতিথিশালা নিৰ্মাণৰ কাম শনিবাৰে শুভাৰম্ভ কৰা হয়। পূৰ্বৰ কংগ্ৰছ চৰকাৰৰ অমনোযোগিতাৰ বাবে ভূত বাংলাত পৰিণত হৈছিল সোণাই নদীৰ পাৰত থকা জলসিঞ্চন বিভাগৰ অতিথিশালাটি। অতিথিশালাটি পুনৰোজীৱিত কৰাৰ লক্ষ্যৰে আজি ভূমিপূজন আৰু বৈদিক মন্ত্ৰোচাৰণৰ মাজেৰে শিলান্যাস কৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই।
অসম চৰকাৰৰ এছ ও পিডি শিতানৰ ২০১৭-১৮ বৰ্ষৰবাবে অনুমোদিত প্ৰায় ২৮ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব লগা কলিয়াবৰ ও সংযোজিত কলং জলসিঞ্চন সংমণ্ডলৰ অধীনৰ এই অতিথিশালাৰ শিলান্যাস অনুষ্ঠানত নগাঁও জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগৰে দুই শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close