শীৰ্ষৰাষ্ট্ৰীয়

ঐতিহাসিক ৰায়, ইচ্ছামৃত্যুৰ পক্ষত উচ্চতম ন্যায়ালয়

নিউজ ডেস্ক, প্ৰথম খবৰ: অৱশেষত পৰোক্ষ ইচ্ছামৃত্যুৰ সপক্ষে ৰায় দিলে মহামান্য উচ্চতম ন্যায়ালয়ে। আজি উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান কৰি কয় যে, কোনো ব্যক্তিৰ লিখিত আবেদনৰ ভিত্তিত মৃত্যু ত্বৰান্বিত কৰাৰ বাবে চিকিৎসা প্ৰত্যাহাৰ কৰিব পৰা যাব। জীৱনসংকটত থকা ৰোগীৰ ক্ষেত্ৰত এই ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব।

উচ্চতম ন্যায়ালয়ৰ মতে, মৰ্যাদাৰ সৈতে মৃত্যুৰ অধিকাৰ হৈছে এক মৌলিক অধিকাৰ আৰু এই বিষয়ে কোনো ব্যক্তিয়ে লিখিতভাৱে আবেদন কৰিলে উচ্চতম ন্যায়ালয়ৰ অনুমোদনক্ৰমে কাৰ্যকৰী কৰিব পৰা যাব। ইয়াৰ বাবে পৰোক্ষ ইচ্ছামৃত্যু বৰণ কৰিব বিচৰা ব্যক্তিজনে আদালতৰ ওচৰত আবেদন কৰিব লাগিব, যে তেওঁ পৰোক্ষ ইচ্ছামৃত্যু বিচাৰে।

আদালতৰ ৰায়টোত এইটোও কোৱা হৈছে যে, গুৰুতৰভাৱে অসুস্থ আৰু জীবনসংকটত থকা ব্যক্তিৰ আত্মীয় আৰু পৰিয়ালৰ সদস্যয়ো আদালতত পৰোক্ষ ইচ্ছামৃত্যুৰ আবেদন কৰিব পাৰিব। ইয়াৰ পিছত আদালতে নিয়োগ কৰা চিকিৎসকৰ দলে সিদ্ধান্ত ল’ব যে এই ইচ্ছামৃত্যুৰ প্ৰয়োজন আছে নে নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close