এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: আচৰিত হৈছে চাগে নহয়, যে কোন এই কংগনা আৰু কি কাৰ্তিক কিয় হৈ আছে পূজা? আমি ক’ব খুজিছোঁ বলিউডৰ কুইনখ্যাত কংগনা ৰানাৱতৰ কথা। তেখেতে যোৱা কেইদিনমান আগতে মানালীৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এটি গৃহ ক্ৰয় কৰে। এই গৃহটোৰ নাম কংগনাই ৰাখিছে কাৰ্তিক আৰু গৃহ প্ৰৱেশৰ কাৰণে কাৰ্তিকত কৰা হৈছে পূজা।
কংগনাৰ ফেনে ইনষ্টাগ্ৰাম পেজত কাৰ্তিকৰ ফটো আপল’ড কৰাৰ পিছত কংগনাৰ ফেনসকলৰ মাজত উৎসুকতা বৃদ্ধি পায়। ছ’চিয়েল মিডিয়াত কংগনাৰ কাৰ্তিকক লৈ বহুজনে শুভেচ্ছা জ্ঞাপন কৰিছে তথা টুইটাৰত কৰিছে টুইত। মোহময়ী অভিনেত্ৰী কংগনা ৰানাৱতে ঘৰখনক লৈ বেছ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। তেওঁৰ আহিবলগীয়া ছবি ‘মেণ্টেল হে ক্যা’ক লৈ সিমান উৎফুল্লিত হোৱা দেখা পোৱা নাই, যিমান কাৰ্তিকক লৈ উৎফুল্লিত।