Home / অসম / কদৰ্যময় পৰিৱেশতে ৰোগীক স্বাস্থ্য সেৱা প্ৰদান

কদৰ্যময় পৰিৱেশতে ৰোগীক স্বাস্থ্য সেৱা প্ৰদান

প্ৰথম খবৰ,চেঙা:ৰাজ্যৰ স্বাস্থ্য খণ্ড বিভাগটোৱে আমুল পৰিবৰ্তনৰ কথা সঘনাই জাহিৰ কৰি অহাৰ সময়তে বৰপেটা জিলাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেখা গৈছে এক সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি৷ যি সময়ত ভাৰত চৰকাৰে ‘স্বচ্ছ ভাৰত অভিযান’ৰ দৰে এক গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে স্বাস্থ্য খণ্ডৰ দৰে এটি মহত্বপূৰ্ণ চৰকাৰী বিভাগৰ অংগ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে৷ স্বাস্থ্য কেন্দ্ৰটোৰ চৌপাশত জাৱৰ-জোথৰৰ দমৰ উপৰিও, স্বাস্থ্য কেন্দ্ৰটো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত হোৱাৰ পাছতো নিৰ্দিষ্ট এটি ষ্টোৰ ৰূমৰ অভাৱ আৰু কেন্দ্ৰটোৰ কিছুসংখ্যক কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবেই অ’ত-ত’ত সিঁচৰতি হৈ পৰি আছে ম্যাদ উকলি যোৱা বিভিন্ন ঔষধ পাতি৷ স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰসূতি বিভাগৰ সন্মুখ ভাগ গৰু-ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত হোৱাৰ সমান্তৰালভাৱে বাটৰ কুকুৰো সময়ে সময়ে প্ৰৱেশ কৰি অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰিছে স্বাস্থ্য কেন্দ্ৰটোত৷

বৃহত্তৰ চেঙা অঞ্চলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰটোৰ এনে কদৰ্যময় পৰিৱেশ দেখি সচেতন মহল উদ্বিগ্ন হৈ পৰাৰ সময়তে চেঙা আঞ্চলিক ছাত্ৰ সন্থা আৰু গৰিয়া -মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক চলমান হুছেইনে দুখীয়া ৰাইজৰ স্বাৰ্থত স্বাস্থ্য কেন্দ্ৰটোৰ এনে বিষয়ত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*