অসমশীৰ্ষ

কলগাছিয়াত কংগ্ৰেছ-ইউ ডি এফৰ পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা

কলগাছিয়াৰপৰা আব্দুল হাই, প্ৰথম খবৰ: সমাগত পন্চায়ত নিৰ্বাচনক লক্ষ্য কৰি জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াৰ গুইলেজা পঞ্চায়ত দখলৰ বাবে কংগ্ৰেছ আৰু ইউ ডি এফৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীসকল তৎপৰ হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে কংগ্ৰেছৰপৰা সভাপতি পদৰ বাবে ছৈয়দ আলী মণ্ডলে শক্তিশালী দাবীদাৰ হিচাপে থিয় দিছে।

পঞ্চায়তৰ অলিয়ে গলিয়ে ছৈয়দ আলী মণ্ডলে ভোটাৰৰ মন আকৰ্ষিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে বুলি জানিব পৰা গৈছে। মণ্ডলে দলীয় টিকট পালে বিপুল ভোটত জয়লাভ কৰিব পাৰিব বুলি সাংবাদিকৰ আগত আশা প্ৰকাশ কৰে। অৱশ্যে পঞ্চায়তটোত সভাপতি পদৰ বাবে আবুল কালাম আজাদ, সাহেব আলী আৰু জাকিৰ হুছেইনেও কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্বৰ দাবী কৰিছে বুলি শুনা গৈছে।

আঞ্চলিক সদস্যা পদৰ বাবে কংগ্ৰেছৰ নুৰনেহাৰ খাতুন, ৰৌশনাৰা খাতুন, আৰু আনোৱাৰা খাতুনেও প্ৰাৰ্থিত্বৰ দৌৰত তৎপৰতা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। ইফালে ইউ ডি এফে পঞ্চায়তটো পুনৰ দখলৰ বাবে যুদ্ধং দেহি তৎপৰতা আৰম্ভ কৰা বুলি জনা গৈছে। এই ক্ষেত্ৰত সভাপতি পদৰ প্ৰাৰ্থিত্বৰ দৌৰত বৰ্তমানৰ সভানেত্ৰীৰ স্বামী ইব্ৰাহিম আলী আহমেদে শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে।

আহমেদে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধি ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। সভাপতি পদৰ বাবে ৰুহুল আমিন, মন্নাফ আলী আৰু নায়েব আলীয়েও টিকটৰ দৌৰত আগবাঢ়িছে বুলি জানিব পৰা গৈছে। আঞ্চলিক সদস্যা পদৰ বাবে ৰুকিয়া খাতুন, ৰৌশনাৰা খাতুন আৰু ছায়মনা খাতুনে তৎপৰতা আৰম্ভ কৰিছে।

পঞ্চায়তটোত কংগ্ৰেছ আৰু ইউ ডি এফৰ সমান্তৰালকৈ অগপ আৰু বিজেপি দলেও প্ৰাৰ্থিত্ব আগবঢ়াব বুলি জানিব পৰা গৈছে। কংগ্ৰেছৰ ছৈয়দ আলী মণ্ডল আৰু ইউ ডি এফৰ ইব্ৰাহিম আলী আহমেদৰ নাম হাটে বজাৰে চৰ্চা চলিছে।

Related Articles

Leave a Reply

Close