সভা-সমিতি

কলগাছিয়াৰ নৱজ্যোতি কলেজত বিশ্ব নাৰী দিৱস উদযাপন 

কলগাছিয়াৰপৰা প্ৰথম খবৰ আব্দুল হাই,প্ৰথম খবৰ: আজি বৰপেটা জিলাৰ কলগাছিয়াস্থিত নৱজ্যোতি মহাবিদ্যালয়ৰ লগতে কলগাছিয়া এম ই স্কুলতো বিশ্ব নাৰী দিৱস উদযাপন কৰা হয়। নাৰী দিৱস উপলক্ষে এ ছি টি এ বৰপেটা জোনৰ সৌজন্যত আৰু নৱজ্যোতি মহাবিদ্যালয় কলগাছিয়াৰ শিক্ষক গোটৰ উদ্যোগত কলেজ চৌহদত বিশ্ব নাৰী দিৱস উপলক্ষে নাৰীৰ স্বাস্থ্য আৰু নিৰাপত্তা সম্পৰ্কে এখন সজাগতা সভাও অনুষ্ঠিত কৰা হয়। নৱজ্যোতি কলেজৰ অধ্যাপক আতোৱাৰ ৰহমানৰ সন্চালনাত আৰু সহযোগী অধ্যাপক আব্দুল কুদ্দুচ আহমেদৰ উদ্দেশ্য ব্যাখ্যাত অনুষ্ঠিত সজগতা সভাত উপস্থিত থাকি বিশিষ্ট চিকিৎসক ডাঃ ইলিয়াচ আলীয়ে এখন উন্নত ভাৰতবৰ্ষ গঢ়ি তুলিবলৈ নাৰী সকলক শিক্ষিত কৰিবলৈ আহ্বান জনায়। বিশিষ্ট চিকিৎসক গৰাকীয়ে ভাষনত কয় যে বৈজ্ঞানিক সকলে কৈছে ২০২০ চনত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পানীৰ নাটনি হব। তাৰ ফলত মানুহ অনাহাৰ আৰু অনিন্দ্ৰাত মৰিব লাগিব। তেও প্ৰসংগ ক্ৰমে কয় যে ১৯১৮ চনত পৃথিৱীত জনসংখ্যা আছিল মাত্ৰ ৯৮ কৌটি, কিন্ত সেই জনসংখ্যা বৃদ্ধি পাই এতিয়া চাৰিশ পাচ কৌটি লৈ বাঢ়িছে। বিশিষ্ট চিকিৎসক গৰাকীয়ে আৰু কয় যে জনসংখ্যা বিস্ফোৰণেই সংঘাত আৰু সাম্প্ৰদায়িকতাৰ মূল কাৰণ বুলি উল্লেখ কৰি জনবিস্ফোৰণ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আমাৰ দেশ খন আগবঢ়াই নিব নোৱাৰিব বুলি সদৰি কৰে। তেওঁ জনসংখ্যা নিয়ন্ত্ৰণ বা পৰিয়াল পৰিকল্পনাৰ কথা কৈ অসমৰ বিভিন্ন ঠাইত জনসজাগতা সভা কৰিবলৈ গৈ মুছলিম এলেকাত প্ৰৱল প্ৰত্যাহ্বানৰ সমুখীন হোৱাৰ কথা উল্লেখ কৰি কয় যে আজি কালি অৱশ্যে শিক্ষিত মানুহে ইয়াৰ প্ৰতি যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁ প্ৰসংগত বৰপেটা জিলাত ৫৪ শতাংশ মুছলিম মানুহে জন্ম নিয়ন্ত্ৰণৰ প্ৰতি সহাৰি দিছে। জনসংখ্যা নিয়ন্ত্ৰণ নহোৱাত পৰিবেশ বিধ্বস্ত হৈছে বুলি কৈ জনসংখ্যা নিয়ন্ত্ৰণ অবিহনে আমি ভৱিষ্যতে পৃথিৱীৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি বুলি মন্তব্য কৰে। অনুষ্ঠানটোত নবজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ছাহজাহান আলী আহমেদ, বিশিষ্ট চিকিৎসক ডাঃ নজিৰুল ইছলাম, ডাঃ হাসমত আলী অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া মোজাম্মিল হুছেইন, কলেজ সন্হাৰ ৰাজ্যিক উপ সভাপতি কিশোৰ ডেকা, বৰপেটা জিলা জুনৰ সম্পাদক ড:জগদীশ শৰ্মা, অধ্যাপক আবুবক্কাৰ ছিদ্দিক, অধ্যাপক শ্বাহজামাল শেখ, অধ্যাপক হানিফ মোস্তাক, কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ সভাপতি তথা নিউজ লাইভৰ জেষ্ঠ সাংবাদিক আব্দুল হাই প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে আজি পুৱা ১০ বজাত কলগাছিয়া এম ই স্কুলতো হেল্পলাইন ফাউণ্ডেচনৰ উদ্যোগত নাৰী দিৱস উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। হেল্পলাইন ফাউণ্ডেচনৰ সভাপতি শ্বাফিউল হাছানৰ পৌৰহিত্যত অনুষ্ঠিত সভাত নাৰীৰ অধিকাৰ সম্পৰ্কে ঐতিহাসিক ভাষণ আগবঢ়ায় সাংবাদিক শহিদুল ইছলামৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী খন্দকাৰ আকলিমা খাতুন, সহকাৰী প্ৰধান শিক্ষয়ত্ৰী ৰৌশনাৰা খাতুনকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় । ইয়াৰ ওপৰিও আজি বিশ্ব নাৰী দিৱসৰ দিনাও পুঁজিপতিৰ হাতোৰাৰ পৰা মুক্ত নহয় আমাৰ নাৰী সমাজ । প্ৰখৰ ৰদৰ মাজতো ৰাস্তাত, খেতি পথাৰত মূৰৰ ঘাম মাটিত পেলাই কাম কৰি থকা পৰিলক্ষিত হৈছে দৰিদ্ৰ নাৰী সকলক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close