Home / অসম / কলগাছিয়াৰ বালিকুৰিত ভয়াবহ অগ্নিকাণ্ড, ৩টা বাস গৃহ সহ ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত

কলগাছিয়াৰ বালিকুৰিত ভয়াবহ অগ্নিকাণ্ড, ৩টা বাস গৃহ সহ ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত

কলগাছিয়াৰপৰা আব্দুল হাই, প্ৰথম খবৰঃ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰিত যোৱা নিশা এক ভয়াবহ অগ্নিকাণ্ড সংগঠিত হয়। এই অগ্নিকাণ্ডত গাঁওখনৰ সামেজ উদ্দিন নামৰ লোক জনৰ ৩টাকৈ টিনপাতৰ বাস গৃহ, নগত ৬০ হাজাৰ টকা, ধানচাউল, ছাগলী, হাঁহ-কুকুৰা, যাবতীয় নথিপত্ৰ সহ ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হয়। ৰাইজৰ তৎপৰতাত জুই নুমুৱা হয় যদিও এই অগ্নিকাণ্ডৰ পৰা গাঁওখনৰ আন কেইবাটাও পৰিয়ালৰ বাস গৃহ কথমপি ৰক্ষা পৰে। বৰ্তমান অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। গাঁওখনৰ ভিতৰেদি যোৱা ৰাস্তা ঘাট নথকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱাৰাৰ বাবে পৰিয়ালটো অগ্নিকাণ্ডৰ পৰা ৰক্ষা নাপালে বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*