অসম

কলগাছিয়াৰ হালধীয়া গাঁৱত ধুমুহাৰ তাণ্ডৱ, কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰ: বঙাইগাঁও আৰু বৰপেটা জিলাৰ সীমামূৰীয়া এলেকাৰ কলগাছিয়া মহকুমাৰ হালধীয়া গাঁও, ধৰ্মপুৰ, হালধীয়া পাথাৰ আৰু মানিকপুৰ মহকুমাৰ আৱাদি, নোৱাগাঁও, পূৱ নোৱাগাঁও, চাকলা, আদি গাঁৱত যোৱা নিশা হোৱা ধুমুহা শিলা বৃষ্টিয়ে ব্যাপক ক্ষতি সাধন কৰে। হঠাতে অহা ধুমুহাত বহু পৰিয়ালৰ ঘৰ-দুৱাৰ উৰুৱাই লৈ যোৱাৰ লগতে বহু মূল্যৱান গছ গছনি ভাঙি বিস্তৰ ক্ষতিসাধন হয়। এই ধুমুহাত বৰপেটা জিলাৰ হালধীয়া গাঁৱৰ কংগ্ৰেছ নেতা ইদ্ৰিছ আলী আহমেদৰ ঘৰৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰি ঘৰটো সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয় আৰু ঘৰৰ ভিতৰত শুই থকা ইদ্ৰিছ আলী আহমেদৰ লগতে পৰিয়ালৰ আন আন সদস্য সকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে। এই ধুমুহাৰ তাণ্ডৱত অঞ্চলটোত কোটি টকাৰ সা-সম্পত্তি ক্ষয় ক্ষতি হয় বুলি জানিব পৰা গৈছে। এই ঘটনাত বিদ্যুৎ তাৰ, খুটি আদি ওভালি যোৱাত বিজুলী যোগান ব্যহত হয়। শাক-পাচলিৰ খেতিৰো যথেষ্ট ক্ষতি হয় বুলি জনা গৈছে। অৱশ্যে ক্ষতিগ্ৰস্ত এলেকাত প্ৰসাশনৰ কোনো লোক আজি ভৰি দিয়া নাই বুলি বিভিন্ন জনে অভিযোগ উত্থাপন কৰিছে। ইফালে জনীয়া, বাঘবৰ, মইনবৰী, মানিকপুৰ আদি এলেকাতো হোৱা নিশাৰ ধুমুহাত বহু ঘৰ দুৱাৰ, গছ গছনি আৰু খেতি বাতিৰো ক্ষয় ক্ষতি হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close