অসম

ক’ল্ড ৱেডাৰ ব্ৰীজ নিৰ্মাণত অনিয়ম কামত ৰাইজৰ বাধা কাঠৰবাৰীত

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, প্ৰথম খবৰ: ঢকুৱাখনাৰ কাঠৰবাৰীত এখন ২০ লাখ ৭০ হাজাৰ টকীয়া ক’ল্ড ৱেডাৰ ব্ৰীজ নিৰ্মাণত ঠিকাদাৰ অৰুণাভ চৌধুৰী, পংকজ চৌধুৰীয়ে কৰিছে ব্যাপক অনিয়ম।

দলঙৰ খুটাত নাহৰ, শাল, চেগুণ ইত্যাদি টান বুঢ়া কাঠৰ সলনি স্থানীয়ভাৱে পোৱা কুমলীয়া ম’জ, গহৰা, উৰিয়াম, ভেলৌ আদি পানীৰ বাবে অনুপযোগী কাঠেৰে খুটা লগাইছে কাঠৰবাৰী-জুইয়েপোৰা সংযোগী পথৰ চাৰিকড়িয়া নদীৰ দলঙত।ফলত ক্ষুব্ধ ৰাইজে কাঠৰবাৰী যুৱক সংঘ আৰু ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বন্ধ কৰিছে নিম্ন মানৰ কাঠৰ খুটা লগোৱাৰ কাম।

Related Articles

Leave a Reply

Close