অসমগুৱাহাটী

কাজিৰঙাত বন্য হস্থীৰ জাকৰ উপদ্ৰপ

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ:কাজিৰঙাৰ গ্ৰামাঞ্চলত বন্যহস্তীৰ উপদ্ৰপ৷ বন্যহস্তীৰ জাকে তহিলং কৰিলে শস্য, ধানৰ ভৰাল ভাঙি নষ্ট কৰিলে ধান৷ মূল্যবান গছ, তামোল, কল আদি গছো ভাঙি খাস্তাং কৰিলে হাতীৰ জাকে৷ শনিবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া দ গাঁৱত চলিল প্ৰায় দহটা বনহস্তীৰ জাকে গাঁওখনৰ একাধিক কৃষকৰ কৃষি ভূমিতো চলালে উপদ্ৰপ৷ কথমপি প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ৷ উল্লেখ্য যে, গাঁওখন ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া হ’লেও হাতীৰ জাকটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে থকা কাৰ্বি পাহাৰৰ পৰা নামি অহা বুলিহে সন্দেহ কৰা হৈছে৷ পাহাৰত হোৱা খাদ্য সংকটৰ বাবে হাতীৰ জাকটো খাদ্যৰ সন্ধানত নামনিলৈ নামি অহাৰ সন্দেহ কৰিছে স্থানীয় একাংশই।

উল্লেখ্য যে, কাৰ্বি পাহাৰত চলি থকা অবাধ বনধ্বংস সংকটৰ কাৰণ হৈ পৰিছে বন্য প্ৰাণীৰ বাবে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close