অসমশীৰ্ষ

কাজিৰঙাত বোকাত আবদ্ধ হৈ গঁড়ৰ মৃত্যু

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ:
অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত বোকাত আৱদ্ধ গঁড়জনী৷ বুলনি বনশিৱিৰৰ সমীপত পানী যুঁৱলিত বোকাত আৱদ্ধ গঁড়জনীক বনবিভাগে চিকিৎসা প্ৰদানৰ লগতে ড্ৰেজাৰৰ সহায়েৰে উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও তাৰ মাজতে মৃত্যুক সাৱটি ল’লে দুৰ্ভগীয়া গঁড়জনীয়ে৷ প্ৰায় ৭/৮ ঘন্টা বোকাত আৱদ্ধ হৈ মৃত্যুক সাৱটিলে গঁড়জনীয়ে৷

বনবিভাগে জনোৱা মতে, গঁড়জনীৰ বৃদ্ধা অৱস্থা তথা আঘাতৰ বাবে মৃত্যু হ’ল৷ বনবিভাগ তথা পশু চিকিৎসকে সন্দেহ কৰা মতে, আন গঁড়ৰ সতে পাৰস্পৰিক সংঘৰ্ষৰ ফলত গঁড়জনীৰ পশ্চাদ অংশত আঘাতপ্ৰাপ্ত হয়৷ ইয়াৰ পাছতে গঁড়জনীয়ে পানী খাবলৈ আহি বোকাত আৱদ্ধ হৈ পৰে৷ সূত্ৰ মতে, আসন্ন মৃত্যুৰ সময়ত গঁড়জনীয়ে পানীৰ কাষলৈ যায় আৰু গঁড়জনী পানী খাবলৈ আহোতে বোকাত আৱদ্ধ হৈ পৰে৷ বন বিভাগৰ এই মন্তব্যৰ বিপৰীতে পানীৰ পৰা উঠাৰ বাবে গঁড়জনীয়ে চেষ্টা কৰি থকা অৱস্থাত হঠাতে কেনেকৈ মৃত্যু হ’ল ইয়াকে লৈ প্ৰশ্ন উত্থাপিত হৈছে৷ গঁড়জনীৰ মৰোণোত্তৰ পৰীক্ষাৰ পাছত মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ঘাটন হ’ব ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close