অসমগুৱাহাটী

কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত আৰক্ষী আৰু বন বিভাগৰ অভিযান

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ: কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত আৰক্ষী আৰু বন বিভাগৰ অভিযান৷ দুস্প্ৰাপ্য প্ৰজাতিৰ উদ্ভিদ অবৈধ ভাৱে ৰখাৰ অভিযোগ৷ তিনি ভিন্ন প্ৰজাতিৰ উদ্ভিদ জব্দ৷ শ্লিপিং লেডী, ব্লু ভেণ্ডা আৰু চাইকাছ- এই তিনি প্ৰজাতি জব্দ কৰিছে আৰক্ষী আৰু বনবিভাগে৷

উল্লেখ্য যে, যোৱা ২৬ ফেব্ৰুৱাৰীত আৰ টি আই কৰ্মী দুলাল বৰাই কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানত অবৈধ ভাৱে অৰ্কিডৰ বেপাৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে অবৈধভাৱে মাটি দখল কৰাৰ অভিযোগেৰে বোকাখাত আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে৷ ইয়াৰ পাছতে আজি অৰ্কিড উদ্যানত বোকাখাতৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু বনবিভাগে অভিযান চলায়৷ অভিযানত আৰক্ষীয়ে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত তিনিবিধ উদ্ভিদ প্ৰজাতি জব্দ কৰি বনবিভাগক চমজাই দিয়ে৷

জানিব পৰা ম’তে, উক্ত উদ্ভিদ তিনিবিধ ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত ৷ উক্ত উদ্ভিদ সমূহ প্ৰদৰ্শন অথবা ব্যৱসায়িক ক্ষেত্ৰত নিষেদ্ধাজ্ঞা আছে৷
ইফালে, অৰ্কিড উদ্যানৰ সচিব ৰতন দাৱে জানিব দিয়া ম’তে, উক্ত উদ্ভিদ সমূহ ক্ৰয় কৰা হৈছে আৰু ইয়াৰ ৰচিদ আছে৷ অভিযোগকাৰী দুলাল বৰাক দালাল আখ্যা দি দাৱে কয় এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ৷ গোলাঘাটৰ চুপাৰী মাফিয়াৰ বিৰুদ্ধে কৃষক মুক্তি সৰৱ হৈ থকাৰ বাবেই এই ষড়যন্ত্ৰ ৰচা হৈছে বুলি উল্লেখ দাৱৰ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close