অসম

কাৰ্বি আংলঙত এটি অশ্লীল ভিডিঅ’ক লৈ লাগিল তোলপাৰ

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ: পশ্চিম কাৰ্বি আংলঙত এটি অশ্লীল ভিডিঅ’ক লৈ লাগিল তোলপাৰ। এই ঘটনা সংঘটিত হৈছে ডংকামোকাম উপ-আৰক্ষী চকীৰ অন্তৰ্গত তথা পৰিষদীয় ৰংখাং সমষ্টিৰ ৰংকুৰই গাওঁত। সত্য যেন লাগিলেও কিন্তু ই সম্প্ৰতি এক অসত্য বিভ্ৰান্তিকৰ ঘটনা।

জানিবপৰা মতে, বৃহত্তৰ ৰংকুৰই গাওঁৰ প্ৰায়বোৰ যুৱকৰ হাতে হাতে বিয়পি পৰিছে এটি অশ্লীল ভিডিঅ’ ছবি আৰু ভিডিঅ’টোৰ সম্পৰ্কে শুনাৰ পাছত ভিডিঅ’টো এবাৰ হ’লেও চোৱাৰ বাবে একাংশ যুৱকে মতলীয়া হৈ পৰিছিল উল্লেখিত অঞ্চলটোত। কিন্তু কিয় হৈছিল মতলীয়া! কাৰণ অশ্লীল ভিডিঅ’ ছবিখনত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা এগৰাকী স্থানীয় যুৱতী থকাৰ কথা অপপ্ৰচাৰ চলিছিল। যাৰ পৰিপ্ৰেক্ষিতত উল্লেখিত অশ্লীল ভিডিঅ’ ছবিখনে তোলপাৰ লগাইছিল ৰংকুৰই গাওঁৰ লগতে অন্যান্য অঞ্চলত। অৱশ্যে ভিডিঅ’ ছবিখনত যিগৰাকী যুৱতীক দেখিবলৈ পোৱাৰ কথা প্ৰচাৰ হৈছিল সেই গৰাকী সাইলাখ স্থানীয় যুৱতীৰ চেহেৰাৰ দৰে হয় যদিও প্ৰকৃততে সেয়া স্থানীয় যুৱতীগৰাকীৰ অশ্লীল ভিডিঅ’ নাছিল। কিন্তু ছবিখনত থকা যুৱতীৰ চেহেৰাৰ সৈতে স্থানীয় যুৱতীগৰাকীৰ চেহেৰাৰ আংশিক মিল থকাৰ বাবেই গাওঁখনৰেই দুজন যুৱকে উক্ত ভিডিঅ’টো চচিয়েল মেডিয়াযোগে সমগ্ৰ অঞ্চলত বিয়পাই অপপ্ৰচাৰ চলাইছিল বুলি যুৱকদ্বয়ৰ বিৰুদ্ধে এক অভিযোগ উত্থাপিত হৈছিল সমগ্ৰ অঞ্চলটোত। অৱশেষত লাহে লাহে ঘটনা সম্পৰ্কে যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে গম পাই আৰক্ষীৰ কাষ চাপে। আৰু পাছত আৰক্ষীয়ে যুৱকদ্বয়ক অভিযোগৰ ভিত্তিত আটক কৰি ঘটনা সন্দৰ্ভত সোধা-পোছা কৰে। ইফালে যুৱকদ্বয়ে স্থানীয় যুৱতীগৰাকীক লক্ষ্য কৰি কোনো অপপ্ৰচাৰ কৰা নাছিল বুলি স্পষ্টীকৰণ দিয়াৰ লগতে অশ্লীল ভিডিঅ’ক লৈ চচিয়েল মেডিয়াযোগে অজানিতে কৰা ভুল স্বীকাৰ কৰে আৰু ভগ্নীসদৃশ যুৱতীগৰাকী যে অশ্লীল ভিডিঅ’টোত থকাৰ কথা যি প্ৰকাশ পাইছে সেয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি উল্লেখ কৰে। লগতে ভৱিষ্যতে এনে অনৈতিক আৰু অসমাজিক কামৰ পৰা সদায়ে আঁতৰত থাকিব বুলিও লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে যুৱকদ্বয়ক।

উল্লেখযোগ্য যে, এনেবোৰ তদন্ত, অনুসন্ধান আৰু কম-বয়সীয়া যুৱকদ্বয়ে কৰা ভুল স্বীকাৰৰ বাবে যুৱতীগৰাকীৰ পিতৃ-মাতৃ আৰু অভিভাৱকে যুৱকদ্বয়ক এবাৰৰ বাবে ক্ষমা কৰি দিয়ে আৰু তিনিও পৰিয়ালৰ মাজত বুজা-বুজি কৰি লয়। কিন্তু কথা হ’ল চচিয়েল মিডিয়াত কৰা কুকৰ্ম আৰু অসমাজিক কাৰ্যকলাপৰ বাবে আজি সমগ্র পশ্চিম কাৰ্বি আংলঙতে এক চাঞ্চল্যৰ সৃষ্টি হয় আৰু এনে ঘটনাৰ পৰিণতিত ৰংকুৰই গাওঁৰ তিনি পৰিয়ালক ভাইৰেল হৈ পৰা ভিডিঅ’য়ে ৰঙাঘৰৰ কাষ চপায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close