সভা-সমিতি

কাৰ্বি আংলঙৰ চালনাত কাৰ্বি ছাত্ৰ সংস্থাৰ ৪৫ সংখ্যক বাৰ্ষিক সাধাৰণ অধিবেশন

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ:পশ্চিম কাৰ্বি আংলঙৰ চালনাত যোৱা শুক্ৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় কাৰ্বি ছাত্ৰ সংস্থাৰ ৪৫ সংখ্যক বাৰ্ষিক সাধাৰণ অধিবেশন। কাৰ্যসূচীৰ প্রথমটো দিনত পাহাৰীয়া জিলাখনত থকা কাৰ্বি ছাত্ৰ সংস্থাৰ প্ৰতিটো আঞ্চলিক, শাখা সমিতিৰ সভাপতি-সম্পাদক, প্ৰতিনিধিক আদৰণি জনোৱাৰ বিপৰীতে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় বেয়ে সাংগঠনিক পতাকা উত্তোলন কৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ সম্পাদক মণিৰাম টকবিৰ নেতৃত্বত শ্বহীদ ছাত্ৰ নেতা-কৰ্মীক সুঁৱৰি বন্তি প্ৰজ্জ্বলন আৰু ফুলাৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কাৰ্বি ছাত্ৰ সংগঠনটোৱে। আৰু এইদৰে সম্পন্ন কৰা বিভিন্ন কাৰ্যসূচী আৰু সাংগঠনিক সভাৰ পাছত আজি অন্তিমটো দিনত এখন মুকলি সভা অনুষ্ঠিত হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিতি হোৱাৰ বিপৰীতে কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’, পৰিষদীয় সদস্য মংগলছিং তিমুং, দৰছিং ৰংহাং, ৰামছিং তিমুং, প্ৰভাত টাৰ’, কাৰ্বি কলচাৰেল চছাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰৰ লগতে বিভিন্ন দল-সংগঠনৰ ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত হয় উল্লেখিত অনুষ্ঠানৰ মুকলি সভাত। সভাত মুখ্য অতিথি তথা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত সংগঠনটোৰ উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘজীৱি হোৱাৰ কামনা কৰে। আৰু অনাগত দিনত ছাত্ৰ সংগঠনটোৱে কাৰ্বি আংলঙত গঠনমূলক কাম-কাজ, উন্নয়ন আৰু বিকাশ সাধনত সহায় সহযোগিতা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে। আনহাতে কাৰ্বি আংলঙৰ জনতাই দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা স্বায়ত্ব শাসিত ৰাজ্যৰ যি দাবী সেয়া লাভ কৰাৰ বাবে প্রতিটো ৰাজনৈতিক-অৰাজনৈতিক দল অথবা সংগঠনৰ লগতে সমান্তৰালকৈ কাৰ্বি ছাত্ৰ সন্থায়েও দায়িত্ব সহকাৰে আগভাগ লৈ সহায় আগবঢ়াই যাবলৈ আহ্বান জনায় ৰংহাঙে।  কাৰণ ছাত্ৰসংগঠনৰ ভূমিকা আৰু অৱদানৰ সহায়তহে আমি আমাৰ স্বায়ত্ব শাসিত ৰাজ্য লাভৰ লক্ষ্যলৈ বুলি এখোজ হলেও আগুৱাই যাব পাৰিম বুলি উল্লেখ কৰে তুলিৰাম ৰংহাঙে। ইফালে আজিৰ এই অনুষ্ঠাত উপস্থিত হোৱাৰ পূৰ্বে ৰংহাঙে পৰিষদীয় ৰংখাং সমষ্টিৰ দলনিত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধীনত এখন মুকলি মঞ্চ নিৰ্মাণৰ আধাৰশিলা স্থাপন, আৰ এম এছ এ ৰ অধীনত নিৰ্মাণ কৰা এটি বিদ্যালয় গৃহৰ শুভ উদ্বোধন কৰাৰ বিপৰীতে ২০১৭-১৮ বৃত্তীয় বৰ্ষৰ এনুৱেল একচন প্লেনৰ জৰিয়তে ৫৭ লাখ টকা ব্যয় অবন্টনেৰে ভেলাপাৰা-উত্তৰ ভেলাপাৰা সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close