বিনোদন

কেতেকীৰ আমোল মোলা সুগন্ধিই হাত বাউল দি মাতে ব’হাগক, কেতেকী বাৰীৰ সুগন্ধি সুবাসে মতলীয়া কৰিছে খুমটাইৰ জীয়ৰী বোৱাৰীক

প্ৰথম খবৰ, খুমটাই: ব’হাগ অহাৰ লগে লগে প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশে সকলোকে বিমোহিত কৰি ৰাখে। কুলি কেতেকীৰ মৌসনা সুৱদি মাতে ডেকা গাভৰুৰ চকুৰ টুপনি হৰি নিয়াৰ দৰে গছৰ ডালৰ কপৌ ফুলৰ দৰেই কেতেকী ফুলৰ সুগন্ধই বসন্তৰ বতৰত সকলোকে মতলীয়া কৰি তোলে। খুমটাইৰ ঐতিহাসিক বুৰঞ্জীপ্ৰসিদ্ধ ধোদৰ আলিৰ কাষতে আছে এখন কেতেকী ফুলৰ বাৰী।

ব’হাগ বিহুৰ আগে আগে লোমে লোমে ওলমি ফুলে কেতেকী ফুলৰ থোপা। বহু বছৰ পুৰণি এই কেতেকী বাৰীখন ব’হাগ মাহ আহিলেহে কদৰ বাহ বুৰঞ্জী প্ৰসিদ্ধ ধোদৰ আলিৰে যোৱা প্ৰতিজন পথচাৰীও এবাৰলৈ ঘূৰি চাই এই কেতেকী বাৰীলৈ পিছে খুমটাইৰ এই কেতেকীবাৰীখনৰ সংৰক্ষণ কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল জনপ্ৰতিনিধি সকলক। বৰ্তমান সময়ত এই কেতেকী বাৰীখনৰ সংৰক্ষণৰ পোষকতা কৰিছে স্থানীয় ৰাইজে নহ’লে দিনক দিনে ধ্বংসৰ গৰাহে নিশেষ কৰি আহিছে এই দুস্প্ৰাপ্য কেতেকী ফুলৰ বাৰীখন। বৰ্তমান সময়ত আন্ত:ৰাষ্ট্ৰীয় বজাৰত বহু মূল্য আছে এই দুষ্প্ৰাপ্য কেতেকী ফুলৰ। পাতল হালধীয়া কুঁহিপাতৰ তলত আলফুলে থকা সুগন্ধি কেতেকী পাঁহৰ সন্ধানত গাঁওৰ ডেকা গাভৰু বোৱাৰী নামি পৰিছে কেতেকী ফুলৰ সন্ধানত। বসন্তৰ উন্মাদনাত কেতেকীৰ সুগন্ধি সুবাসে বিহু বলীয়া পছোৱা বতাহ জাককো মতলীয়া কৰি তুলিছে । বাসন্তী মলয়াৰ বোকোচাত উঠি কেতেকীৰ সুবাসে এতিয়া খুমটাইৰ প্ৰতিজনৰ মনে প্ৰাণে প্ৰতিঘৰ গৃহস্থীৰ দুৱাৰে দুৱাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close