শেহতীয়া
Home / সভা-সমিতি / ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ দুলীয়াজান আঞ্চলিক সমিতিৰ অষ্টম ত্ৰি-বাৰ্ষিক অধিবেশন সম্পন্ন

ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ দুলীয়াজান আঞ্চলিক সমিতিৰ অষ্টম ত্ৰি-বাৰ্ষিক অধিবেশন সম্পন্ন

প্ৰথম খবৰ, দুলীয়াজান: সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ দুলীয়াজান আঞ্চলিক সমিতিৰ অষ্টম ত্ৰি-বাৰ্ষিক অধিবেশনখনি আজি মধুটিং তিনিআলিস্থিত নিজা কাৰ্যালয়ত সম্পন্ন হৈ হয়। অধিবেশন উপলক্ষে অনুষ্ঠিত সভাত ৰুবুল হাটীবৰুৱাক সভাপতি, হৰিলাল শৰ্মা আৰু ভাস্কৰ গগৈক উপসভাপতি, মন্টু হাজৰিকাক সম্পাদক, ৰঞ্জিত গগৈ আৰু ৰাজু দত্তক সহঃ সম্পাদক, ৰাজু ডেকাক বিত্ত সম্পাদক হিচাপে লৈ আগন্তক তিনিবছৰীয়া কাৰ্যকালৰ বাবে এখন ২৯ জনীয়া পূৰ্ণাংগ সমিতি গঠন কৰা হয়।

দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি ৰুবুল হাটীবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰোহিত বৰগোঁহাই, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নৰেন দিহিংগীয়া, সম্পাদক বিৰিঞ্চি বৰা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*