অসম

খুমটাইত অনাময় আঁচনিৰ নামত ভেকোঁভাওনা

প্ৰথম খবৰ, খুমটাই: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখনক স্বচ্ছতা আৰু অনাময় আঁচনিৰ জৰিয়তে পৰিস্কাৰ কৰি ৰাখিবলৈ বিভিন্ন ধৰণে ৰাইজক সজাগ কৰি আহিছে। কিন্তু অনাময় আঁচনিৰ নামত গ্ৰামাঞ্চলত তাৰ এক ওলোটা ছৱি দেখিবলৈ পোৱা গৈছে।
বৰ্তমান সময়ত বিজ্ঞানৰ জয় যাত্ৰা দিনটো গ্ৰামাঞ্চলৰ বহু পৰিয়ালে লাভ নকৰিলে চৰকাৰী অনাময় আঁচনিৰ সুবিধা। এতিয়া শুকান কলপাত, তামোলৰ ঢকুৱা ফটা বস্তা আদিৰে বেৰা দি এক অস্বাস্থ্যকৰ পৰিৱেশত প্ৰাত:ক্ৰিয়া কৰি আহিছে। কিন্তু এনে পৰিয়াল বিলাকৰ বাবে পঞ্চায়তসমূহে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

খুমটাই বিধান সভা সমষ্টিৰ অন্তৰ্গত কচুপথাৰগাওঁ পঞ্চায়তৰ অধীনস্থ চংকলা গাওঁৰ প্ৰবীন বাইলুং দময়ন্তী গগৈ, দুগেশ্বৰ বাইলুং, ৰবিন বাইলুং, মহেন্দ্ৰ বাইলুং মোহন বাইলুং খুমটাই পঞ্চায়তৰ চতভাই বাউতি, বুলবুলি হুছেইন, চিদা গঢ়াইত আদিকে ধৰি পঞ্চায়ত কেইটাৰ ৫০ তাৰো অধিক পৰিয়ালে চৰকাৰী অনাময় আঁচনিৰ শৌচাগাৰ লাভ কৰিবলৈ নহ’ল। ইয়াৰ একাংশ গৃহস্থীৰ আকৌ শৌচাগাৰ নিৰ্মাণ আধৰুৱা কৰি বিভাগীয় অভিযন্তাক মেনেজ কৰি বিল সৰকাই নিয়াৰ অভিযোগ আনিছে ভুক্তভোগী ৰাইজে। বৰ্তমান সময়ত এই অনাময় আঁচনিখন একাংশ ঠিকাদাৰ বাবে এতিয়া খিৰতি গাই সদৃশ হৈ পৰিছে।

Related Articles

Leave a Reply

Close