Home / অসম / খুমটাইত বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ

খুমটাইত বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ

প্ৰথম খবৰ,খুমটাই: খুমটাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আয়ুৰ্বেদিক চিকিৎসা বিভাগৰ দ্বাৰা আজি খুমটাই আদৰ্শ প্ৰাথমিক বিদ্যালয়ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ মাজত এক বিনামূলীয়া ৰোগ পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। এই স্বাস্থ্য পৰীক্ষা শিবিৰত ১০০ জনৰো অধিক লোকক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয়। খুমটাই স্বাস্থ্য কেন্দ্ৰৰ আয়ুৰ্বেদিক চিকিৎসকৰ দলটোৱে অভিভাৱকৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক সাধাৰণ ৰোগৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি তাৰ এক পৰামৰ্শ আগবঢ়াই। প্ৰতিমাহে বৃহত্তৰ খুমটাই অঞ্চলৰ একোখনকৈ বিদ্যালয় সামৰি সম্পূৰ্ণ বিনামূলীয়াকৈ এই চিকিৎসা সেৱা আগবঢ়োৱা হ’ব বুলি জানিবলৈ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*