অসম

খুমটাইত ভূমিপট্টা বিচাৰি চাহ মুক্তি সংগ্ৰাম সমিতি প্ৰতিবাদ

প্ৰথম খবৰ,খুমটাই : চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি খুমটাইত মাটিৰ অধিকাৰ বিচাৰি এক বিশাল প্ৰতিবাদী সমদল বাহিৰ হয়। খুমটাই চাহ বাগিছা খেলপথাৰৰ পৰা ওলোৱা প্ৰতিবাদী সমদলে খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ত সন্মুখত হাজাৰ হাজাৰ চাহ শ্ৰমিকে এই প্ৰতিবাদ সাব্যস্ত কৰে। আগন্তক পঞ্চায়ত নিৰ্বাচনৰ আগেয়ে যদি চাহ শ্ৰমিক সকলক ভূমিপট্টা প্ৰদান আৰু মজুৰি বৃদ্ধি কৰা নহয় তেনেহ’লে এক জংগী আন্দোলন কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে।
চাহ শ্ৰমিক সকলক ভূমিপট্টা প্ৰদান,মজুৰি বৃদ্ধি লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যাৰ ওপৰত খুমটাই ৰাজহ চক্ৰ বিষয়া ডা: মনিকা বৰাৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বেদান্ত লস্কৰ,ৰাজু বৰা,অমিত নাগ,ৰতন দাও লগতে কেইবাজনো কেন্দ্ৰীয় আৰু জিলা পৰ্য্যায়ৰ বিষয়ববীয়া আজি এই প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close