অসমগুৱাহাটী

গঁড় হত্যাৰ বিৰুদ্ধে সৰব শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়া

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ:এইবাৰ গঁড় হত্যাৰ বিৰুদ্ধে সৰব খোদ শাসকীয় দলৰ বিধায়ক। খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই গঁড় হত্যাৰ বাবে দুষাৰোপ কৰিলে বনবিভাগক। বনবিভাগৰ চৰম ব্যৰ্থতাৰ বাবেই কাজিৰঙাত দুই মাহ পাঁচ দিনৰ ভিতৰতে চোৰাং চিকাৰীয়ে ৪ টাকৈ গঁড় হত্যা কৰিবলৈ সক্ষম হ’ল। বনবিভাগক দুষাৰোপ শাসকীয় দলৰ বিধায়কজনৰ। লগতে বিধায়কজনে উল্লেখ কৰে যে, বন বিভাগৰ বিষয়া কৰ্মচাৰী সকল বৰ্তমান ব্যস্ত শিল-বালি মহলত৷ কাৰণ তাত উপৰোৱা আৰ্জনৰ পথ ওলাই৷ যাৰবাবে বন তথা বন্য প্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত তেঁও লোকৰ গুৰুত্ব কম৷ বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত বনবিভাগটো একাংশ দুৰ্নীতি পৰায়ণ বনকৰ্মী আৰু বনবিষয়াৰ কাৰনেই সফল হোৱা নাই। ৰবিবাৰে কাজিৰঙাত সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই৷ আনহাতে বিধায়ক গৰাকীয়ে দাবী কৰে যে গঁড়ৰ সুৰক্ষাত গাফিলতি কৰা বন বিষয়া কৰ্মচাৰীৰ ওপৰত শাস্তি মূলক ব্যৱস্তা ল’ব লাগে আৰু ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰত বিচৰণ কৰি থকা আনটো গঁড়ক প্ৰয়োজনীয় নিৰাপত্তা প্ৰদান কৰিব লাগে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close