অসম

গুৱাহাটী প্ৰেছ ক্লাৱত ২৬ মাৰ্চত অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্চ এছোছিয়েচন অসমৰ বিশেষ সভাৰ আয়োজন

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:দেশৰ সংবাদ কৰ্মীৰ সৰ্ববৃহৎ সংগঠন অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্চ এছোচিয়েচন চমুকৈ আইৰাৰ অসম ৰাজ্যিক কমিটিৰ দ্বাৰা অহা ২৬ মাৰ্চত এখন বিশেষ সভাৰ আয়োজন কৰা হৈছে। সংবাদ কৰ্মীৰ নানা সমস্যাৰ সমাধানৰ ওপৰত লক্ষ্য ৰাখি জন্ম হোৱা সংবাদ কৰ্মীৰ ৰাষ্ট্ৰীয় সংগঠনটোৰ অসম শাখাই চলিত মাহৰ অন্তিমটো সোমবাৰে দিনৰ ১১ বজাত আমবাৰীস্হিত গুৱাহাটী প্ৰেছ ক্লাৱত এই সভাখনি আয়োজিত কৰিছে। এই সভাখনিত সাংবাদিকৰ সুৰক্ষাৰ প্ৰসঙ্গ আৰু চৰকাৰৰ কৰণীয় সন্দৰ্ভত এখনি মনোজ্ঞ আলোচনা চক্ৰও অনুষ্ঠিত কৰা হ’ব যত কেইগৰাকীমান বিশিষ্ট সাংবাদিক উপস্থিত থাকিব।

সংগঠনটোৰ ৰাজ্যিক সম্পাদক প্ৰমোদ মলে জানিবলৈ দিয়া অনুসৰি এই অনুষ্ঠানটোত অসমৰ প্ৰতি কেইখন জিলাৰ পৰা প্ৰায় দহ গৰাকীকৈ সাংবাদিক উপস্থিত থাকিব। আলোচনা চক্ৰত উপস্থিত থকা পঞ্জীয়ন ভুক্ত সাংবাদিক সকলৰ মন্তব্য সমূহ লিপিবদ্ধ কৰি সেইসমূহৰ ওপৰত ভিত্তি কৰি এখন বিশেষ স্মাৰক পত্ৰ যুগুতোৱা হ’ব। সভাৰ অন্তত সংগঠনটোৰ তৰফৰ পৰা সাংবাদিকৰ সুৰক্ষাৰ প্ৰসঙ্গক লৈ আলোচনা চক্ৰত যুগুতোৱা স্মাৰক পত্ৰখনি অসম চৰকাৰলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আইৰাৰ অসম ৰাজ্যিক সভাপতি কিৰণ কুমাৰ গগৈয়ে জনাইছে। আনহাতে আইৰাৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক পঙ্কজ নাথে সেইদিনাৰ সভাতে আইৰাৰ অসম ৰাজ্যিক কমিটিখন সম্প্ৰসাৰণ কৰাৰ লগতে জিলা কমিটি আৰু অন্যান্য কিছু বিষয়ৰ ওপৰত আলোচনা কৰা হব বুলি জানিবলৈ দিয়ে। ইয়াৰ উপৰি ৰাজ্যিক কমিটিৰ বিষয়ববীয়া সকলে উক্ত দিনৰ কাৰ্যসূচীৰ বাবে তথা ৰাষ্ট্ৰীয় স্তৰৰ সাংবাদিক সংগঠনটোত জড়িত হব বিচৰা সংবাদ কৰ্মী সতীৰ্থ সকলক ৯১০১২৫৩৫৯১,৭০৮৬৫২২৫৫৮ আৰু ৭৬৬৪৮৭৯৮১৫ নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনায় অনুস্থানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

Related Articles

Leave a Reply

Close