শেহতীয়া
Home / অসম / গুৱাহাটী বৰঝাৰ বিমান বন্দৰৰপৰা দৰঙৰলৈ ৰাইজে আদৰি আনিব মানসীক

গুৱাহাটী বৰঝাৰ বিমান বন্দৰৰপৰা দৰঙৰলৈ ৰাইজে আদৰি আনিব মানসীক

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰঃ সম্পূৰ্ণ অসমীয়া সাজ-পোচাক পৰিধান কৰি ‘গোৰী তেৰা গাঁও বড়া প্যাৰা,’ ‘দেইয়া ৰে দেইয়া’ এই দুটি হিন্দী গীতৰ লগত ‘পিৰিতি পিৰিতি পিৰিতি, পিৰিতি মিঠা চিৰা দৈ’ এই বিহু গীতটিৰ সংযোজন ঘটাই নৃত্যৰ তালে তালে মুম্বাইত অনুষ্ঠিত হোৱা এণ্ড টি ভি ৰ ‘ভয়চ ইণ্ডিয়া কিডচ’ সংগীতৰ মহাৰণত দেওবাৰে নিশা হোৱা ফাইনেলত পৰিবেশন কৰি সংগীত প্ৰেমীক মোহাচ্ছন্ন কৰি চুড়ান্ত বিজয়ী হোৱা দৰং জিলাৰ উদমাৰীৰ মানসী চহৰীয়াক ৰাজকীয় আদৰণি জনোৱাৰ বাবে সাজু হৈ পৰিছে গাওঁবাসীৰ লগতে দৰংবাসী।

জানিবপৰা মতে, ১৪ মাৰ্চৰ পুৱা ৭.৩০ বজাত মুম্বাইৰ পৰা বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হֹ’বলগীয়া মানসী চহৰীয়াক কেইবাখনো বাহনেৰে আদৰি অনাৰ বাবে প্ৰস্তুতি কৰি তুলিছে গাওঁবাসীয়ে। এই আদৰণি পৰ্বত দুমনী চকী, ছিপাঝাৰ, আউলাচৌকা, মঙ্গলদৈ, চপাই, কলাইগাঁৱত মৰমৰ শিল্পীগৰাকীক সম্বৰ্ধনা জনাব কেইবাটিও দল সংগঠনৰ ব্যক্তিয়ে। কলাইগাঁৱৰ চৰনধৰাত শিল্পী ৰেণু শইকীয়াৰ তত্বাবধানত সংগীত সাধনা কৰা ১১ বছৰীয়া শিল্পীগৰাকীয়ে পলক মুছলৰ গ্ৰুপত স্থান লাভ কৰা মানসীয়ে নিজৰ প্ৰতিভাৰ বলত সকলোকে মোহাচ্ছন্ন কৰে। যাৰ ফলত পলক মুছলে মানসীক নিজে লৈ গোটেই মুম্বাই মহানগৰখন পৰিভ্রমণ কৰোৱাৰ লগতে শিল্পীগৰাকীৰ উত্তৰণত বিশেষভাৱে সহায় সহযোগ আগবঢ়ালে।

এণ্ড টি ভি কৰ্তৃপক্ষৰ লগতে শিল্পী পলক মুছলৰ মৰম আৰু ৰাইজৰ আশীর্বাদৰ বাবে দৰংৰ সন্তান মানসীয়ে বহুকেইগৰাকী প্ৰতিভাবান শিল্পীক চেৰ পেলাই চুড়ান্ত বিজয়ীৰ মুকুট শিৰত পিন্ধবলৈ সক্ষম হ’ল। মানসীৰ এই সাফল্যত বিভিন্ন দল সংগঠনে অভিনন্দন জনোৱাৰ লগতে কাইলৈ ৰাজকীয়ভাৱে আদৰি আনিবৰ বাবে দল সংগঠনসমূহে দৰং বাসীলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*