অসম

গোৱালপাৰাত চোৰাং কেৰাচিন জব্দ

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ, প্ৰথম খবৰ: দীৰ্ঘদিনৰ পৰা জিলা খনত এচাম অসাধু ব্যৱসায়ী আৰু এচাম ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত সুলভ মূল্যৰ দোকান অথবা সমবায় সমিতিৰ বিষয়া কর্মচাৰীৰ নেতৃত্বত গোপন বুজাবুজিৰে দুখীয়া ৰাইজৰ নামত অহা কেৰাচিন তেল, চাউল কলা বজাৰত নিৰ্বিঘ্নে বিক্ৰী হৈ অহাৰ বাতৰি পোৱা গৈছে, যদিও জিলা প্ৰশাসনে সেই সকল অবৈধ ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু সোমবাৰে সন্ধিয়া ৬.০০ বজাত ফাষ্ট
এ পি টি এফ বেটলেইন বাহিনী গোৱালপাৰা আৰু সহকাৰী আৰক্ষী বিষয়া ইয়াছমিনৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি গৈ গোৱালপাৰা আৰক্ষী থানাৰ অন্তৰ্গত ২নং বলোডমাৰিত চোৰাং ভাৱে কেৰাচিন তেলৰ অবৈধ বেপাৰ কৰা চাহ জাহান আলিৰ ঘৰত ৭টা কেৰাচিন তেলৰ ভৰ্তি টেংকী পোৱাৰ লগতে ১৫টা মান খালি টেংকী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে জিলা প্ৰশাসনে ভালদৰে অভিযান চলালে জিলাখনত তেনেকুৱা কিমান যে চাহ জাহান চুকে কোনে অলাব তাৰ কোনো ঠিকনা নাই, সেয়েহে সচেতন মহলে এই ক্ষেত্ৰত জিলা প্ৰশাসন সষ্টম হৈ চৰকাৰী কৃত সামগ্ৰী সমূহৰ সৎ ব্যৱহাৰ কৰি দুখীয়া ৰাইজক সহায় কৰিবলৈ এই সংবাদেৰে দাবী কৰিছে। অৱশ্যে জব্দকৃত সামগ্ৰীৰ লগতে অবৈধ ব্যৱসায়ী জনক গোৱালপাৰা আৰক্ষী থানাই ভৱিষ্যতে ৰঙাঘৰৰ আলহী কৰে নে ফুলাম গামোচাৰে আপ্যায়ন কৰে সেয়া সময়ত হে লক্ষ্যণীয় হ’ব।

Related Articles

Leave a Reply

Close