সভা-সমিতি

গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ চেঙা আঞ্চলিক সমিতি গঠন

প্ৰথম খবৰ,চেঙা: বৰপেটা জিলাৰ চেঙাত চেঙা মুছলমান পাৰা গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ত কালি সন্ধিয়া ৭ বজাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ চেঙা আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। পৰিষদৰ চেঙা আঞ্চলিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ফজুৰ আলীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে মতিয়াৰ ৰহমানে। এইখন সভাতেই পৰিষদৰ চেঙা আঞ্চলিক সমিতিৰ পুৰণি সমিতিখন ভংগ কৰি নতুন আঞ্চলিক সমিতিখন গঠন কৰা হয়। পৰিষদৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ময়ুৰ আলী আৰু সাধাৰণ সম্পাদক চলমান হুছেইনে তত্বাৱধায়ক হিচাপে উপস্থিত থকা এইখন সভাতেই ইমৰাণ হুছেইনক সভাপতি আৰু আজিজুৰ ৰহমানক সম্পাদক হিচাপে লৈ ৩১ জনীয়া চেঙা আঞ্চলিক সমিতিখন গঠন কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close