নিবন্ধ

চ’ত মাহৰ বিশেষ উৎসৱ অশোকাষ্টমী

সৌৰভ জ্যোতি গোস্বামীঃ
অশোকাষ্টমী অথবা অশোকা অষ্টমী চ’ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক বিশেষ ধৰ্মীয় উৎসৱ। এই দিনটো মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি তথা গংগাকে আদি কৰি পুণ্যতীৰ্থবোৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি প্ৰচলিত বিশ্বাস আছে। সেইদিনা ব্ৰহ্মপুত্ৰত স্নান(শুদ্ধিস্নান) আৰু তৰ্পণ কৰিলে অক্ষয় পুণ্য লাভ হোৱাৰ লগতে শোক নিবাৰণ হয় বুলিও বিশ্বাস কৰা হয়। সেয়ে এই তিথিৰ নাম অশোকাষ্টমী। এই তিথিৰ দিনটোত ব্ৰহ্মপুত্ৰৰ পাৰৰ শিলঘাট, শুৱালকুছি, বহৰি আদি ঠাইত শুদ্ধিস্নান কৰিবলৈ অগণন ভক্তৰ সমাবেশ ঘটে।

গুৱাহাটী অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ পাৰঘাটতো এই তিথিত এক বিশেষ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। পৌৰাণিক আখ্যান অনুসৰি, ব্ৰহ্মপুত্ৰই এবাৰ অশোক মুনিৰ আশ্ৰম বুৰাই পেলাইছিল। ব্ৰহ্মপুত্ৰৰ এনে কাৰ্যত মুনি খঙত অগ্নিশৰ্মা হয় আৰু ব্ৰহ্মপুত্ৰক অপবিত্ৰ হ’বলৈ অভিশাপ দিয়ে। কিন্তু ব্ৰহ্মপুত্ৰৰ কাতৰ মিনতিত মুনি সন্তুষ্ট হৈ কয় ‘বছৰৰ এটা দিনত তই পবিত্ৰ হৈ তীৰ্থৰ মৰ্য্যদা লাভ কৰিবি’। অশোক মুনিৰ নামেৰে উক্ত দিনটোক অশোকাষ্টমী বুলি জনা যায়।

আন এক পৌৰাণিক আখ্যানমতে, পৰশুৰামে ব্ৰহ্মপুত্ৰক ব্ৰহ্মকুণ্ড অথবা মানস সৰোবৰৰ পৰা বোৱাই আনি কামাখ্যাধাম পোৱাইছিল। পৰশুৰামে ব্ৰহ্মপুত্ৰক খন্তেক ৰ’বলৈ কৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায়। কিন্তু মন্দিৰ দৰ্শন কৰি আহি দেখে ব্ৰহ্মপুত্ৰ বৈ গৈছে। এই কথাতে খঙত অগ্নিশৰ্মা হৈ পৰশুৰামে ‘তোৰ পাৰত কোনো তীৰ্থ নহওক’ বুলি অভিশাপ দিয়ে। পিছত ব্ৰহ্মপুত্ৰৰ অলেখ কাকুতি-মিনতিত পৰশুৰামে দয়া কৰি ক’লে বছৰৰ এটা দিন, চ’ত মাহৰ বাসন্তী অৰ্থাৎ অশোকাৰ (দুৰ্গা) অষ্টমী পূজাত তুমি বিশেষভাৱে তীৰ্থৰ মৰ্য্যদা লাভ কৰিবা। দেৱী অশোকাৰ নামেৰে এই তিথিৰ নাম হ’ল অশোকাষ্টমী। আন এক জনশ্ৰুতি অনুসৰি, এই দিনটোতে ৰামায়ণত দেৱী সীতাৰ জন্ম হৈছিল আৰু সেইবাবে এই তিথিক সীতাষ্টমী নামেৰেও জনা যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close