শেহতীয়া
Home / সভা-সমিতি / চিলাপথাৰত সোণোৱাল কছাৰী যুৱ মঞ্চৰ প্ৰথম বাৰ্ষিকী উদযাপন

চিলাপথাৰত সোণোৱাল কছাৰী যুৱ মঞ্চৰ প্ৰথম বাৰ্ষিকী উদযাপন

প্ৰথম খবৰ, চিচিবৰগাঁও: অহা ১ আৰু ২ এপ্ৰিলত ধেমাজি জিলাৰ দুই নং চিলাগাঁওত সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চৰ প্ৰথম বাৰ্ষিকী উদযাপন কৰিবলৈ সংগঠনটোৱে ঠিৰাং কৰিছে। উক্ত অনুষ্ঠানটিৰ বাবে সংগঠনটোৰ সদস্যসকল খুবেই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।

সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চই প্ৰথম বাৰ্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা দহ বজাৰ পৰা কাৰ্যসূচী অাৰম্ভণি কৰিব। পুৱা দহ বজাত পতাকা উত্তোলন কৰিব সোণোৱাল কছাৰী যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতুল ৰাজ সোণোৱালে। পৰৱৰ্তী সময়ত স্মৃতি তৰ্পণ, বৃক্ষৰোপন, প্ৰতিনিধিৰ নাম পঞ্জীয়ন, প্ৰতিনিধি সভা কাৰ্যসূচী থাকিব। দ্বিতীয় দিনা পুৱা ন বজাত সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিৰ দাবীত গণ সমদল কাৰ্যসূচী হাতত লৈছে।দিনৰ বাৰ বজাত ষষ্ঠ অনুসূচী জনজাতি সকলৰ স্ব-অধিকাৰ বিষয়ত এখনি মুকলি সভা অনুষ্ঠিত হ’ব। দিনৰ তিনি বজাত ৰাষ্ট্ৰীয় অাৰু ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত সোণোৱাল ব্যক্তিক সম্বৰ্ধনা জনাব অাৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে প্ৰথম বাৰ্ষিকী সামৰণি পেলাব।
সদৌ সোণোৱাল কছাৰী যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতুল ৰাজ সোণোৱাল, সম্পাদক যদুমণি সোণোৱাল অাৰু ধেমাজি সমিতিৰ সাহিত্যও অালোচনী সম্পাদক অশ্বিনী কছাৰীৰ লগতে সমূহ বিষয়ববীয়াই প্ৰথম বাৰ্ষিকীত সোণোৱাল ৰাইজৰ উপস্থিতি অাৰু সহায়-সহযোগিতা বিচাৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*