সভা-সমিতি

চেঙাত দৌল উৎসৱ উপলক্ষে পূৰ্ণাঙ্গ নাট ‘জখম ‘ মঞ্চস্থ

প্ৰথম খবৰ,চেঙা:বৰপেটা জিলাৰ বৃহত্তৰ চেঙা অঞ্চলৰ ৰাইজে অতীজৰে পৰা নিৰবিচ্ছিন্নভাৱে সাহিত্যৰ লগতে কৃষ্টি-সংস্কৃতিৰ ক্ষেত্ৰতো সমানে কৃতিত্ব দেখুৱাই আহিছে। বিশেষকৈ নাট্য সংস্কৃতিলৈ চেঙাবাসীৰ অৰিহণা যথেষ্ট। নাট্য সংস্কৃতিৰ ধাৰাটোক অক্ষুন্ন ৰখাৰ লক্ষ্যৰে যোৱা 3 মাৰ্চত সম্পূৰ্ণ স্থানীয় শিল্পীৰ দ্বাৰা দৌল উৎসৱ উপলক্ষে বৰচেঙা কীৰ্ত্তন ঘৰ ৰঙ্গমঞ্চত মঞ্চস্থ কৰে প্ৰতিষ্ঠিত নাট্যকাৰ ৰমা বৰ্মনৰ পূৰ্ণাঙ্গ নাট ‘জখম’। সাম্প্ৰতিক সময়ৰ কেইটামান ইতিবাচক আৰু নেতিবাচক দিশ প্ৰতিফলিত কৰা ‘জখম’ নাটখনৰ পৰিচালনাত আছিল নাট্যশিল্পী মৃগেন বৰুৱা আৰু সত্যজিৎ বায়ন। তথাকথিত ৰাজনৈতিক ক্ষমতাৰ অপপ্ৰয়োগৰ বিপৰীতে সঁচা দেশপ্ৰেম আৰু এক ধ্ৰুপদী প্ৰেমৰ মহত্ব দাঙি ধৰা হৈছে নাটখনত। কলা-কুশলীৰ সহযোগিতাৰ উপৰিও সুন্দৰ দৃশ্যসজ্জা, পোহৰ সংগীত, ৰূপসজ্জাৰে পৰিপুষ্ট নাটখন সঠিক ৰূপত উপস্থাপন কৰাটো আছিল লক্ষ্যণীয়। নাটখনৰ আৰম্ভণীৰপৰা শেষলৈকে কাহিনী আৰু অভিনয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰখাটোও আছিল শিল্পীসকলৰ বাবে এক গৌৰৱ। নাটখনত অভিনয় কৰা যুৱ শিল্পী প্ৰমথেশ ঠাকুৰীয়া, সুনীতা ডেকা, প্ৰবীন অভিনেতা সত্যজিৎ বায়ন, দিলীপ ডেকা, গোপীনাথ বৰ্মন, মহানন্দ পাঠক আদিৰ মনপৰশা অভিনয়ো আছিল প্ৰশংসনীয়। বৰচেঙা পাৰা পঞ্চায়তৰ মুখ্য পৃষ্ঠপোষকতাত মঞ্চায়িত নাটখনৰ নবীন- প্ৰবীন প্ৰতিগৰাকী শিল্পীয়ে নিজৰ নিজৰ চৰিত্ৰসমূহ সফল ৰূপত উপস্থাপন কৰাত নাটখন দৰ্শকৰ বাবে উপভোগ্য হৈ পৰিছে। নাটখনত অভিনয় কৰা অন্যান্য শিল্পীসকল আছিল ধ্ৰুৱজ্যোতি চৌধুৰী, ব্ৰজেন খাটনিয়াৰ, চিন্ময় বৰুৱা, লাচিত ৰয়, দীপাংকৰ খাটনীয়াৰ, ধনজিৎ ৰয়, কমল ৰয়, কবিতা বৰ্মন, সুস্মিতা ৰয় আৰু পম্পী ডেকা।নাটখনৰ সংগীত সংগত কৰে হোমেশ্বৰ পাঠকে। ৰূপসজ্জা আৰু দৃশ্যসজ্জাত আছিল ভৱানী দাস। পোহৰ ব্ৰজেন মেধিৰ আৰু আৱহ সংগীত গোবিন্দ ৰয়ৰ। অভিনেতা তথা নৃত্যশিল্পী গোপীনাথ বৰ্মনৰ ৰচিত আৰু পৰিচালিত ‘কৰাল গ্ৰাসত সংস্কৃতি’ নামৰ আটক ধুনীয়া নৃত্য নাটিকাখনেও মূল নাটখনক সফল মঞ্চায়নত অৰিহণা যোগায়। মঞ্চ উদ্বোধন কৰে কনক ঠাকুৰীয়াই। নাটৰ আৰম্ভণিত প্ৰয়াত শিল্পী সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰবীন শিল্পীসকলক সম্বৰ্ধনা জনোৱা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close