অসমবৰপেটা

চেঙাৰ শুভাৰ যুৱক নিৰুদ্দেশ

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ চেঙাৰ নিকটৱৰ্ত্তী শুভা গাঁওৰ যুৱক এজন আজি দুসপ্তাহ ধৰি নিৰুদ্দেশ হৈ থকাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

জানিবপৰা মতে, হৰিলাল থাপ্পাৰ পুত্ৰ খনীন থাপ্পাই (৩২) যোৱা ৩ মাৰ্চৰ দুপৰীয়া ১২.৩০ বজাত ঘৰৰ পৰা বাটলৈ ওলাই আহিছিল আৰু তেতিয়াৰ পৰাই খনীন থাপ্পা নিৰুদ্দেশ হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷
পৰিয়ালৰ লোকে ইতিমধ্যে তাৰাবাৰী আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় এক গোচৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও 5 ফুট দৈৰ্ঘ্যৰ তথা ভৰিত ৰঙা কাপোৰ মেৰিয়াই লোৱা মানসিকভাৱে কিছু পৰিমাণে বিকাৰগ্ৰস্ত খনীন থাপ্পাৰ আজিলৈ কোনো সম্ভেদ উলিয়াব পৰা নাই৷ নিৰুদ্দিষ্ট খনীন থাপ্পাৰ কোনোবাই কিবা সম্ভেদ পালে ৮৮২২০৯৩৭৯৩, ৭০০২২৪৭৮৩৬ নম্বৰত আৰু আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ পৰিয়ালৰ পৰা অনুৰোধ জনাইছে৷

Related Articles

Leave a Reply

Close