অসম

জগদুৱাৰৰ বিশিষ্ট সমাজকৰ্মী লোকনাথ শইকীয়াৰ দেহাৱসান

টীয়কৰপৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ: টীয়কৰ জগদুৱাৰ অঞ্চলৰ এজন বিশেষ ব্যক্তি লোকনাথ শইকীয়াই শনিবাৰে ৭০ বছৰ বয়সত মৃত্যুক সাৱতি লয়৷

জগদুৱাৰৰ প্ৰতিটো অনুষ্ঠানৰ সৈতে সক্ৰীয়তাৰে জড়িত এই সমাজকৰ্মী গৰাকীৰ মৃত্যুয়ে জগদুৱাৰৰ সামাজিক ক্ষেত্ৰখনত বিশেষ প্ৰভাৱ পেলাব সেইয়া নিশ্চিত৷ জগদুৱাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিস্থাপক প্ৰধান শিক্ষক লোকনাথ শইকীয়া দেৱ কেইদিনমান পূৰ্বে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছিল৷ শনিবাৰে বিয়লি ৪মান বজাত তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগনন লোকে বিশিষ্ট ব্যক্তি জনক শেষ শ্ৰৰ্দ্ধা জনাবলৈ ভিৰ কৰে জগদুৱাৰস্থিত বাসগৃহত৷ জগদুৱাৰ জ্ঞানমালিনী মহিলা সমিতি, আৱিস্কাৰ যুৱ মঞ্চ, অনিৰ্বান সাংস্কৃতিক গোষ্ঠী, টীয়ক চিকেবি মহাবিদ্যালয়, ৰামধেনু কলা নিকেতন, টীয়ক প্ৰেছ ক্লাব, টীয়ক নগৰ সমিতি, জগদুৱাৰ যুৱ সংঘকে আদি কৰি ৩০ টাৰো অধিক অনুষ্ঠানে শ্ৰৰ্দ্ধাঞ্জলী জ্ঞাপন কৰে৷

জগদুৱাৰ সাৰ্বজনীন বিহু সন্মিলনত প্ৰতিস্থা কালৰে পৰা সক্ৰিয়ভাৱে জড়িত হৈ জগদুৱাৰৰ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীক উৎসাহিত কৰি অহা শইকীয়াদেৱৰ মৃত্যুয়ে সকলোৰে মনত আঘাত দিয়ে৷ মৃত্যুৰ সময়ত পত্নী, জী জোৱাই নাতিসহ বহুতো আত্মীয় স্বজনক এৰি থৈ যায়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close