Home / বিনোদন / জনপ্ৰিয়তাৰ দিশত ‘সুবাস’

জনপ্ৰিয়তাৰ দিশত ‘সুবাস’

গুৱাহাটীৰপৰা সৌৰভ জ্যোতি গোস্বামীৰ,প্ৰথম খবৰ: আপুনি আলোচনী পঢ়ে! কোনখন মাহেকীয়া আলোচনী আপুনি পঢ়ে! হয়তো পোনচাটেই মনলৈ আহিব বিস্ময়, অসমীয়া মায়া, ৰহস্য, নন্দিনী, বিচ্ছুৰিত বৰ্ণালী অথবা প্ৰান্তিকৰ কথা। কিন্তু আলোচনীখন যদি অনলাইন হয় তেতিয়া আপুনি কি ক’ব!

বৰ্তমান ডিজিটেল যুগ আৰু এই ডিজিটেল যুগত সকলো ডিজিটেল হ’ব ধৰিছে। আপোনাৰ আলোচনীখনো যদি ডিজিটেল হয় নিশ্চয় ভাল হ’ব, নহয়নে!
‘সুবাস’ তেনেধৰণৰ এখন ডিজিটেল অনলাইন আলোচনী। ২০১৭ চনৰ এপ্ৰিলত প্ৰথম প্ৰকাশ হৈছিল এই আলোচনীখন। উক্ত আলোচনীখনৰ এটা ফেচবুক পেজও আছে য’ত আলোচনীখনৰ আছে এক লাখতকৈ অধিক ফলোৱাৰ্চ। লগতে পেজটোৱে লাভ কৰিছে প্ৰায় এক লাখ লাইক। ২০১৭ চনত প্ৰথম প্ৰকাশৰ সময়ত আলোচনীখনৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক আছিল দেৱব্ৰত শৰ্মা। সেই সময়ত বিশেষ কোনো পৰিকল্পনা নোহোৱাকৈয়ে ততাতৈয়াকৈ আলোচনীখনৰ কাম আৰম্ভ কৰা হৈছিল যিহেতু উক্ত সময়ত আলোচনীখনৰ বাজেটও বহুত কম আছিল।

দেৱব্ৰত শৰ্মাই উল্লেখ কৰা অনুসৰি, আলোচনীখনৰ লক্ষ্য হৈছে নৱপ্ৰজন্মক আগুৱাই অনা। প্ৰথম অৱস্থাত আলোচনীখনৰ সম্পাদিকা আছিল মৰমীকা সন্দিকৈ। সহ:সম্পাদিকা আছিল চাৱৰিণ আৰাদৌল্লা। এপ্ৰিল আৰু মে’ মাহৰ পিছত কিছু ব্যক্তিগত অসুবিধাৰ বাবে মৰমীকা সন্দিকৈয়ে কামৰপৰা অব্যাহতি লয় আৰু সেই সময়ত সেই পদত যোগদান কৰে আন এগৰাকী প্ৰতিভাৱান যুৱতী কাজল প্ৰিয়াই। মূখ্য সম্পাদকে উল্লেখ কৰা অনুসৰি, কাজল প্ৰিয়া অহাৰ লগে লগে আলোচনীখন আগতকৈ আৰু অধিক জনপ্ৰিয় হৈ উঠে। তেতিয়াই সহ:সম্পাদকৰ পদত যোগদান কৰিলে আন এগৰাকী প্ৰতিভাৱান যুৱক কৌস্তভ কানু বৰাই। একেসময়তে, আলোচনীখনৰ এটা ফেচবুক পেজও খোলা হ’ল। আলোচনীখনৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত সাহিত্য, সংস্কৃতিৰ সকলো শিল্পীয়ে অৱদান আগবঢ়াই আহিছে। মানদণ্ডৰ ওপৰত ভিত্তি কৰি প্ৰায় যথাসম্ভৱ সকলোখিনি প্ৰচাৰ হয় ফেচবুক পেজত।

শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবি ‘ঢৌ’ৰ অনলাইন প্ৰমোচনৰো কাম কৰিছিল আলোচনীখনে। আনহাতে, আগন্তুক দিনত আহিবলগীয়া অসমীয়া ছবি ‘ধম ধমা ধম’ৰ মিডিয়া পাৰ্টনাৰ হিচাপেও আছে আলোচনীখন। এনেদৰে বিগ বাজেটৰ অসমীয়া ছবিৰ কাম কৰিবলৈ বদ্ধপৰিকৰ আলোচনীখন। সংস্কৃতিৰ ক্ষেত্ৰত ন-পুৰণি সকলো শিল্পীক ৰাইজৰ লগত চিনাকী কৰি দিবলৈ তেওঁলোকে “সুবাস” নামেৰে এটা ডিজিটেল মিডিয়াও আৰম্ভ কৰিছে। আনহাতে, বিপদত পৰাজনক সহায়ৰ বাবে আছে ”সুবাস প্ৰতিভা বিকাশ মঞ্চ”ও।

উল্লেখ্য, আলোচনীখনৰ মুখ্য সম্পাদকৰ দায়িত্বত আছে দেৱব্ৰত শৰ্মা, সম্পাদিকা কাজল প্ৰিয়া আৰু কাৰ্যবাহী সম্পাদক কৌস্তৱ কানু বৰা। সহ:সম্পাদকৰ দায়িত্বত আছে ক্ৰমে সৌৰভ জ্যোতি দত্ত, কৌশিক ৰঞ্জন আৰু পল্লৱ তামুলী ফুকন। সহ:সম্পাদিকা হৈছে চাৱৰিণ আৰাদৌল্লা। আনহাতে ফেচবুক পেজত আছে মুখ্য এডমিন দেৱব্ৰত শৰ্মা, সহকাৰী এডমিন ক্ৰমে প্ৰিয়া দাস আৰু কৌস্তৱ কানু বৰা। পেজটোৰ সম্পাদক হৈছে পল্লৱ তামুলী ফুকন। বিশেষ সহায়কাৰী তালিকাত থকাসকলক ধন্যবাদ জনাইছে মুখ্য সম্পাদকে। হয়তো যিসকল নহ’লে সুবাস সফল নহ’লহেতেন সেই সকল হৈছে জাষ্টিন, দীপাংকৰ শৰ্মা, সমীৰ আৰু অম্ৰমজিৎ। বৰ্তমান সুবাসৰ পাঠকৰ সংখ্যা হৈছে ৪৫,৮৪৮। আলোচনীখন পঢ়িবলৈ লগ ইন কৰক www.subaas.org ত।

Leave a Reply

Your email address will not be published. Required fields are marked *

*