শেহতীয়া
Home / অসম / জাতীয় শ্বহীদ ভূপেন ডেকাক স্মৰণ আছুৰ; শ্ৰদ্ধাঞ্জলি বৃ্ন্দাবন গোস্বামীৰ

জাতীয় শ্বহীদ ভূপেন ডেকাক স্মৰণ আছুৰ; শ্ৰদ্ধাঞ্জলি বৃ্ন্দাবন গোস্বামীৰ

তেজপুৰৰপৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: ১৯৮৩ৰ ২০ মাৰ্চত শোণিতপুৰ জিলাৰ পাণপুৰ ঘাটত আৱদ্ধ লোকক উদ্ধাৰ কৰিবলৈ গৈ প্ৰাণ আহুতি দিয়া দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক ভূপেন ডেকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দৰং মহাবিদ্যালয়ৰ একালৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে।

অসম আন্দোলনত প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে তেজপুৰৰ বিধায়কজনে। তেজপুৰ আছুৱে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰ আছুৰ বিষয়ববীয়াসকলৰ লগতে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ লগতে প্ৰাক্তন ছাত্ৰ নেতা কেৱাগৰাকীয়ে অংশগ্ৰহণ কৰি ভূপেন ডেকালৈ শ্ৰদ্ধা নিবেদন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*