অসমশীৰ্ষ

টিংখাঙত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

মাহমৰাৰপৰা দীপক গগৈ, প্ৰথম খবৰ: অসমীয়াৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী৷ সমগ্র ৰাজ্যতে এতিয়া ব’হাগক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। টিংখাঙত ঢোল, পেঁপাৰ লহৰত জাকে-জাকে নাচনীয়ে ভাঙিছে খামুচীয়া কঁকাল। ব’হাগ, উজ্জীৱিত হৃদয় চঞ্চল মিলনৰ চিৰন্তন হাবিয়াস সম্ভাৱনাময় পটভূমি…।

এতিয়া লঠঙা বিৰিখে ন-সাজ সলাইছে। কপৌ, তগৰ আদি ফুলে ধৰাৰ বুকুত সজাই তুলিছে নানাৰঙী আস্বাদন। কুলি-কেতেকীয়ে আনিছে নতুনৰ বতৰা। ব’হাগৰ জাননী পাই এতিয়া তৰনি নাই অসমীয়াৰ গাত। কি গাঁও কি চহৰ চাৰিওফালে নিগৰিছে ঢোল-পেঁপাৰ মাত। ৰৈ থাকিব পৰা নাই ৰূপহী নাচনী সকলো।

অসমীয়াৰ আয়ুস ৰেখা ৰঙালীক আদৰিবৰ বাবে টিংখাঙত চলিছে ব্যাপক প্ৰস্তুতি। টিংখাঙৰ মাহমৰা নৱদ্বীপ যুৱ সংঘৰ উদ্যোগত আৰু মাহমৰাবাসী ৰাইজৰ সহযোগত ২১ মাৰ্চৰপৰা আৰম্ভ হৈছে ১১ দিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা। মাহমৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা কৰ্মশালাত বিহুনাচৰ প্ৰশিক্ষণ প্ৰদান কৰিছে অভিনেত্ৰী তথা বিহুৰাণী খ্যাত মণিকাঞ্চন কোঁৱৰে।

আনহাতে ঢোলৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ঢোলৰ ওজা ভূপেন গগৈয়ে। কৰ্মশালাত শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। বিহুৰ সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্ৰত প্ৰশিক্ষাৰ্থীসকলক লৈ যথেষ্ট আশাবাদী বিহুৰাণী মণিকাঞ্চন কোঁৱৰ। সেয়ে বিহু গাই মনৰ আনন্দ প্ৰকাশ কৰে মুখ্য প্ৰশিক্ষক গৰাকীয়ে।

Related Articles

Leave a Reply

Close